বৃন্দাৱনী বস্ত্ৰৰ প্ৰসংগক লৈ জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতি... কিন্তু কিয় ? সবিশেষ চাওঁক এই প্ৰতিবেদনত...
550 বছৰৰ ইতিহাস আৰু শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ - শংকৰদেৱ
গুৰুজনাৰ অৱদানক ধূলিস্যাৎ কৰি এক দুষ্ট চক্ৰই সাজি উলিয়াইছে অনুৰূপ বৃন্দাৱনী বস্ত্ৰ ...
বৃন্দাৱনী বস্ত্ৰ
বৃন্দাৱনী বস্ত্ৰৰ প্ৰসংগক লৈ জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতি... কিন্তু কিয় ? সবিশেষ চাওঁক এই প্ৰতিবেদনত...
Intro:বিতর্কত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ । নকল কপি প্ৰস্তুত কৰিছে চক্রই এটাই । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰোধীতা ।Body:জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱৰ শিল্প কৰ্মৰ নিদৰ্শন স্বৰূপ বস্ত্ৰ শিল্পৰ এক অপূৰ্ব সৃষ্টি "বৃন্দাৱনী বস্ত্ৰ"। গুৰু শংকৰৰ বৈপ্লৱিক অথচ অৰ্থনৈতিক কাৰ্যসূচীৰ আধাৰত সৃষ্টি বৃন্দাৱনী বস্ত্ৰৰ । সেই বৃন্দাবনী বস্ত্ৰ চক্র এটাই নকল কপি প্ৰস্তুত কৰাক লৈ বটদ্ৰৱাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ । জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতি বৃন্দাৱনী বস্ত্ৰ চিহ্নযাত্ৰাৰ চিত্ৰপটৰ লেখীয়া কিছু নতুন দৃশ্যপট অংকন কৰি বৃন্দাবনী বস্ত্ৰৰ সংক্ষিপ্ত ৰূপ বুলি প্ৰচাৰ চলাই একাংশই লৈছে ব্যৱসায়িক ভিত্তিত । কোনো কাৰণত গুৰুজনাকৰ সৃষ্টিক বিকৃত ৰূপ দিয়াৰ প্ৰয়াস কৰিবলৈ দিয়া নহব । ব্যৱসায়িক স্বাৰ্থ আগত ৰাখি নিজস্ব গ্লেমাৰৰ পিছত দৌৰিবলৈ বিচাৰি ঐতিহাসিক সত্য তথ্যক ভূ লুন্ঠিত কৰি বৃন্দাবনী বস্ত্ৰৰ নকল সংস্কৰণ প্ৰস্তুত কৰা বিষয়টোত শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে কেতিয়াও মানি নলয়। বৃন্দাৱনী বস্ত্ৰৰ লেখীয়া নৱ নিৰ্মিত চিত্ৰপটৰ ব্যৱসায়িক ভিত্তিত প্ৰচলন বন্ধ হোৱাটোও বিচাৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । উল্লেখ্য যে জগত গুৰু শ্ৰী মন্ত শংকৰ দেৱৰ শিল্প কৰ্মৰ নিদৰ্শন স্বৰূপ বস্ত্ৰ শিল্পৰ এক অপূৰ্ব সৃষ্টি "বৃন্দাৱনী বস্ত্ৰ"। সেই বৃন্দাবনী বস্ত্ৰ এচাম দুষ্ট চক্রই নকল কপি প্ৰস্তুত কৰাক লৈ বটদ্ৰৱাত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ । চকুৰ সন্মুখত নাথাকিলেও হাত বাগৰি গৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত কিয়দংশ সুৰক্ষিত হৈ আছে বৃন্দাবনী বস্ত্ৰ । অসমবাসীৰ লগতে বটদ্ৰৱা বাসীয়েও বৃন্দাৱনী বস্ত্ৰখনিক অসমীয়া জাতিৰ স্বাভিমান হিচাপে মান্যতা দি আহিছে ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: