ETV Bharat / state

কামপুৰৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - বৰপানী চাহ বাগান

পাঁচ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই ৰহা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী বৰপানী চাহ বাগানৰ পৰা পণ্ডিতঘাট সংযোগী পথ ৷ ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কামপুৰৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : May 31, 2019, 12:44 PM IST

নগাঁও,31 মেঃ নগাওঁ জিলাৰ ৰহা সমষ্টিৰ শিঙিমাৰীত নিৰ্মীয়মান এটা পথে জ্বলাকলা খুৱাইছে সকলোকে ৷ বিগত পাঁচ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত এই পথছোৱা ৷ ৰহা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী বৰপানী চাহ বাগানৰ পৰা পণ্ডিতঘাট সংযোগী আঢ়ৈ কিঃমি দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণত ঠিকাদাৰে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কামপুৰৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ৰাজ্যিক পথ সংমণ্ডলৰ অধীনত আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ জৰিয়তে 2014 চনতে নিৰ্মান কাৰ্য আৰম্ভ হৈছিল পথছোৱাৰ ৷ পথছোৱাৰ ঠিকাদাৰ আছিল ইনামূল হক চৌধুৰী ৷ 88 লাখ 84 হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উক্ত পথটোত কণা হাঁহক পতান দিয়াৰ দৰে আধা ইঞ্চি আলকটৰা আৰু শিলৰ প্ৰলেপ দি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত,নিৰ্মীয়মান অৱস্থাতে পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷ পথটোৰ এই শোচনীয় অৱস্থাই এতিয়া বাৰুকৈও জ্বলা-কলা খুৱাইছে ৰাইজক ৷

Intro: পাঁচ বছৰত নিৰ্মান সম্পূৰ্ণ নোহোৱা এটা পথ ।কামপুৰৰ শিঙিমাৰীত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ ৷

Anchor=বিগত পাঁচ বছৰে নিৰ্মান কৰিও ঠিকাদাৰে সম্পূৰ্ন কৰিব পৰা নাই এটা PMGSY পথ । ৰহা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী বৰপানী চাহ বাগানৰ পৰা পণ্ডিতঘাটলৈ নিৰ্মান হৈ থকা আঢ়ৈ কি:মি: প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথটোৰ নিৰ্মান কাৰ্যত ঠিকাদাৰে ব্যাপক দূৰ্নীতি আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ।

Body:Vo=নগাওঁ জিলাৰ ৰহা সমষ্টিৰ শিঙিমাৰীত নিৰ্মান হৈ থকা এটা পথে সকলোকে জ্বলাকলা খুৱাইছে । ৰাজ্যিক পথ সংমণ্ডলৰ অধিনত আৰু ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনা জড়িয়তে ২০১৪ চনতে বৰপানী বাগান ৰ পৰা পণ্ডিতঘাটলৈ নিৰ্মান কৰা হৈছিল । প্ৰায় ২.৫ দৈঘ্যৰ পথ ছোৱাৰ ঠিকাদাৰ আছিল ইনামূল হক চৌধুৰী ৷ ৮৮ লাখ ৮৪ হাজাৰ টকা ব্যয়ৰে নিৰ্মান হব লগা উক্ত পথটোত ঠিকাদাৰ গৰাকীয়ে কণা হাঁহক পতান দিয়াৰ দৰে আধা ইঞ্চি আলকটৰা আৰু শিলৰ পলেপ দি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰকে ধৰি ব্যাপক দূৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে নিৰ্মান কৰি থকা অৱস্থাতে পথটোৰ বিভিন্ন স্থানত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতৰ ৷
Byte=স্থানীয় লোক ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.