ETV Bharat / state

বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে হস্তী পূজা - বঢ়মপুৰ

বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে হস্তী পূজাৰ আয়োজন ৷ চামগাওঁ বিষ্ণুপুৰীত হাতী খেদিবলৈ প্ৰাৰ্থনা ৷

BARHAMPUR PUJA FOR ELEPHANT
বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে এতিয়া হস্তী পূজা
author img

By

Published : Jan 6, 2020, 4:27 PM IST

বঢ়মপুৰ, 6 জানুৱাৰীঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কামপুৰত দীৰ্ঘদিন ধৰি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ বনবিভাগে হাতী খেদিবলৈ ব্যৰ্থ হোৱাত গাঁৱে গাঁৱে হস্তী পূজাৰ আয়োজন কৰিছে ৷ বিগত এমাহ ধৰি কামপুৰৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পাছতো বন বিভাগে ৰাইজক কোনো সুৰক্ষা প্ৰদান কৰিব পৰা নাই । ভয় আৰু আতংকত দিন অতিবাহিত কৰা বিষ্ণুপুৰী আৰু চামগাঁৱৰ ৰাইজে উপায়ন্তৰ হৈ পথাৰৰ মাজত মাংগলিক কাৰ্যসূচীৰ মাজেৰে বন্যহস্তীলৈ আগবঢ়াইছে ভোগ । জনাঞ্চলৰ পৰা বনাঞ্চললৈ বৃহৎ হাতীৰ জাকটো ঘূৰি যোৱাই ৰাইজৰ আশা । উল্লেখ্য যে, বিগত এমাহে চাংচকী, গাৰুখুন্দা, বিষ্ণুপুৰী আদিকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ পাছতো হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ ।

আৰু পঢ়ক : নগাঁৱত পিষ্টলসহ আটক কুখ্যাত ডকাইত

Intro:STORY= বঢ়মপুৰৰ কামপুৰত গাঁৱে গাঁৱে এতিয়া হস্তী পূজা।চামগাওঁ বিষ্ণুপুৰীত হাতী খেদেবলৈ প্ৰাৰ্থনা ।

Anchor= এইবাৰে গাঁৱে গাঁৱে হস্তী পুজা ।বনবিভাগে হাতী খেদিবলৈ ব্যৰ্থ হোৱাৰ পিছত হস্তী পুজা কৰি সন্তুষ্ট কৰি খেদিবলৈ কাকুতি মিনতি কৰি পুজাত কামপুৰৰ চাম গাওঁ বিষ্ণুপুৰীৰ ৰাইজ ।নগাঁও জিলাৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ।বনবিভাগৰ ওপৰত আস্থা নাই ৰাইজৰ। বনৰীয়া হাতী লৈ ভোগ আগবঢ়ালে ৰাইজে।
Body:Vo-বিগত এমাহ ধৰি কামপুৰৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অহাৰ পাছতো বন বিভাগে ৰাইজক কোনো সুৰক্ষা প্ৰদান কৰিব পৰা নাই।ভয় আৰু আতংকত দিন অতিবাহিত কৰা বিষ্ণুপুৰী আৰু চামগাঁৱৰ ৰাইজে উপায়ন্তৰ হৈ পথাৰৰ মাজত মাংগলিক কাৰ্যসূচীৰ মাজেৰে বন্যহস্তীলৈ আগবঢ়াই ভোগ।ৰাইজৰ অাশা জনাঞ্চলৰ পৰা বনাঞ্চললৈ ঘূৰি যাব বৃহৎ হাতীৰ জাকটো।

Byte= স্থানীয় লোক।

Conclusion:উল্লেখযোগ্য যে বিগত এমাহে চাংচকী,গাৰুখুন্দা,বিষ্ণুপুৰী আদিকে ধৰি বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই অহাৰ পাছতো হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.