বঢ়মপুৰ,24 আগষ্ট : নগাঁও কঠিয়াতলি টুবুকি গ্ৰাণ্টত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ প্ৰেম জনিত কাৰণত এহাল যুৱক- যুৱতীৰ পৰিয়ালৰ মাজত শনিবাৰে সংঘাতৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত সংঘাতৰ ফলত হত্যাকাণ্ড পৰ্যন্ত সংঘটিত হয় ৷
উল্লেখ্য যে, কঠিয়াতলি টুবুকি গ্ৰাণ্টৰ স্থানীয় যুৱক-যুৱতী হালৰ প্ৰেমৰ সম্পৰ্কক লৈ দীৰ্ঘদিন ধৰি দুয়োটা পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছিল ৷ শনিবাৰে নিশাও যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে যুৱক জনৰ বাসগৃহত আহি কাজিয়াত লিপ্ত হয় ৷ প্ৰথমে কথাৰ কটা-কটি আৰু পৰৰ্বতী সময়ত দুই পক্ষৰ মাজত হোৱা সংঘাতৰ পৰিণতিত নিহত হয় যুৱক জনৰ ককাক মমনাচ আলী । যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে মমনাচ আলীক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ তুলিছে মৃত মমনাচ আলীৰ পৰিয়ালে। ইপিনে কঠিয়াতলি আৰক্ষী চকীত মমনাচ আলীৰ মৃতদেহ লৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তিৰ দাবী তুলিলে স্থানীয় ৰাইজে। দুগৰাকী মহিলা সহ আব্দুল চহিদ, কিচমত আলী, কেৰামত আলী, হজৰত আলী, মুক্তাৰ হুছেইন নামৰ লোক কেইজন মমনাচ আলীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ কঠিয়াতলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে নিহত লোকজনৰ পৰিয়ালে । কঠিয়াতলি আৰক্ষীয়ে ইতিমধ্যে অপৰাধীক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে।