ETV Bharat / state

বজাৰ সমিতিয়ে বন্ধ কৰাৰ পিচতো পদ-পথত ব্যৱসায়ীয়ে খুলিলে দোকান

শনিবাৰে বঢ়মপুৰত সপ্তাহিক বজাৰ আছিল আৰু প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বজাৰ সমিতিয়ে বজাৰ বন্ধ ৰাখে । কিন্তু বজাৰলৈ অহা একাংশ বিক্ৰেতাই বজাৰ বন্ধ কৰাৰ বাবে পদ পথৰ কাষতে বঢ়ি বেপাৰ আৰম্ভ কৰে । যাৰ ফলত এক অভাৱনীয় ভিৰ পৰিলক্ষিত হয় বঢ়মপুৰত ।

বজাৰ সমিতিয়ে বন্ধ কৰাৰ পিচতো পদ-পথত ব্যৱসায়ীয়ে খুলিলে দোকান
বজাৰ সমিতিয়ে বন্ধ কৰাৰ পিচতো পদ-পথত ব্যৱসায়ীয়ে খুলিলে দোকান
author img

By

Published : May 8, 2021, 10:07 PM IST

চামগুৰি,8 মে : নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰী কৰা বজাৰ সমূহ বন্ধ ৰখাৰ সকলো নিৰ্দেশনা ধোঁৱা চাঙত উঠাই বঢ়মপুৰত পদ পথৰ কাষত বঢ়িল বজাৰ ৷ গ্ৰাহকৰো দেখা গ’ল অভাৱনীয় ভিৰ ।

বজাৰ সমিতিয়ে বন্ধ কৰাৰ পিচতো পদ-পথত ব্যৱসায়ীয়ে খুলিলে দোকান

উল্লেখযোগ্য যে, শনিবাৰে বঢ়মপুৰত সপ্তাহিক বজাৰ আছিল আৰু প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বজাৰ সমিতিয়ে বজাৰ বন্ধ ৰাখে । কিন্তু বজাৰলৈ অহা একাংশ বিক্ৰেতাই বজাৰ বন্ধ কৰাৰ বাবে পদ পথৰ কাষতে বঢ়ি বেপাৰ আৰম্ভ কৰে । যাৰ ফলত এক অভাৱনীয় ভিৰ পৰিলক্ষিত হয় বঢ়মপুৰত । উক্ত অস্থায়ী বজাৰত নাই কোনো সামাজিক ব্যৱধান, একাংশই পৰিধান কৰা নাই মাস্ক । সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়কঃ কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.