ETV Bharat / state

নোহোৱা নোপোজা এটা ঘটনা...

আপুনি পথ বন্ধ শুনিছে  সামগ্ৰী শেষ হোৱাৰ বাবে দোকান বন্ধ দিয়া শুনিছে দুৰ্বল হোৱাৰ বাবে দলং বন্ধ থকা শুনিছে... আপুনি শুনি শুনি অভ্যস্ত হৈছে অসম বন্ধৰ কথাও....

.চাওক আচল কথাটো কি
author img

By

Published : Jul 24, 2019, 7:57 PM IST

কিন্তু আমি দেখুৱাম এটা আজৱ বন্ধ ৷ চিকিৎসক নথকাৰ সাময়িকভাৱে বন্ধ দিয়া হৈছে এটা স্বাস্থ্য কেন্দ্ৰ...চাওক আচল কথাটো কি...

নোহোৱা নোপোজা এটা ঘটনা...

কিন্তু আমি দেখুৱাম এটা আজৱ বন্ধ ৷ চিকিৎসক নথকাৰ সাময়িকভাৱে বন্ধ দিয়া হৈছে এটা স্বাস্থ্য কেন্দ্ৰ...চাওক আচল কথাটো কি...

নোহোৱা নোপোজা এটা ঘটনা...
Intro:Story= ৰাজ্যৰ স্বাস্থ্য খণ্ডত নোহোৱা নোপোজা ঘটনা। চিকিৎসালয়ৰ সন্মুখত স্বাস্থ্য বিভাগে আঁৰি থলে জাননী। চিকিৎসক নথকাৰ বাবে ২২ দিন ধৰি বন্ধ চিকিৎসা সেৱা, ৰোগীৰ মাজত হাহাকাৰ।

Anchor= চিকিৎসকৰ অভাৱত ২২ দিন ধৰি সাময়িক ভাৱে বন্ধ চিকিৎসালয় । অসমৰ স্বাস্থ্য খণ্ডত নোহোৱা নোপোজা ঘটনা । মন্ত্ৰীৰ মুখত অসমৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা আখৈ ফুটাদি ফুটি থকাৰ সময়ত আমি দেখুৱাম স্বাস্থ্য বিভাগটোৰ বাস্তৱ ছবি খন । হিমন্তৰ স্বাস্থ্য বিভাগত এতিয়া চিকিৎসকৰ অভাৱত বন্ধ হৈ পৰিছে চিকিৎসা সেৱা । ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰীকাই নিজ হাতৰে গঢ় দিয়া এই আজৱ চিকিৎসালয় খন আছে ৰহা সমষ্টিৰ কচুৱাৰ লুটুমাৰীত ।


Body:
Vo=ৰাজ্যত জাপানীজ এনকেফেলাইটিজ আৰু ডেংগীৰ ৰোগে ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়ত এখন স্বাস্থ্য কেন্দ্ৰত আঁৰি থোৱা এটা লিখিত জাননী চাঁৱক । জাননী টোত লিখা আছে " **চিকিৎসক নথকাৰ বাবে চিকিৎসালয় সামৰিক ভাৱে বন্ধ ৰখা হৈছে ।"* হয় বহুবল্কি মন্ত্ৰী হিমন্ত- পিযুষৰ স্বাস্থ্য বিভাগৰ এখন লাজ লগা ছৱি । চিকিৎসকৰ অভাৱৰ কাৰণে ইয়াৰ কৰ্মচাৰীয়ে সাময়িক ভাৱে বন্ধ ৰাখিছে চিকিৎসালয় খন । নগাওঁ জিলাৰ ৰহা সমষ্টিৰ কচুৱাৰ লুটুমাৰীৰ এই চিকিৎসালয় খন ২ জুলাইৰ পৰা ২২ দিন ধৰি বন্ধ হোৱাত তীব্ৰ সমস্যাত পৰিছে । উল্লেখ্য যে বৰ্তমানৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰীকা ৰহা সমষ্টিৰ বিধায়ক হৈ থকাৰ সময়ত লুটুমাৰীৰ ৰাজ্যিক চিকিৎসালয় খন গঢ় দিছিল । কিন্তু লুটুমাৰীৰ এই চিকিৎসালয় খনত চিকিৎসকৰ অভাৱত পৰি বৃহত্বৰ অঞ্চলটোৰ ৰোগী সকলে হাহাকাৰ কৰি আহিছে । চিকিৎসকৰ অভাৱত কিছুদিনৰ আগতে ফাৰ্মাচিষ্টে ৰোগীক চিকিৎসা কৰাৰ বাবে এটি শিশুৰ মৃত্যুও হৈছিল । যাৰ বাবে যোৱা দুই জুলাইত ৰাজহুৱাকৈ জাননী আঁৰি চিকিৎসালয়ত চিকিৎসা সেৱা বন্ধ কৰি ৰাখিছে কৰ্মচাৰী সকলে ।

Byte= স্থানীয় লোক ।Conclusion:VO= নগাওঁ কাৰ্বি আংলং সীমান্তত অৱস্থিত লুটুমাৰী অঞ্চলত সঘনাই বিভিন্ন ৰোগে ভয়াবহ ৰূপ লয় । কিন্তু স্বাস্থ্যকেন্দ্ৰ খনৰ এই দুৰৱস্থাত তীব্ৰ সমস্যাত পৰিছে স্থানীয় ৰাইজ । ৰাইজে চিকিৎসালয় খনত অনতিপলমে চিকিৎসক নিয়োগ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.