বটদ্ৰৱা, 1 ছেপ্টেম্বৰঃ বটদ্ৰৱাত ঋণ দিয়াৰ নামত লাখ লাখ ধন আত্মসাতৰ অভিযোগ ৷ ঋণ দিয়াৰ নামত বটদ্ৰৱাৰ প্ৰায় ৩০ গৰাকী মহিলাৰ পৰা ৰুলি বৰা নামৰ এগৰাকী মহিলাই তিনিৰ পৰা চাৰি হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
অভিযোগ অনুসৰি তিনি মাহৰ ভিতৰতে ঋণ দিম বুলি কৈ ৰুলি বৰাই ধন সংগ্ৰহ কৰিছিল যদিও প্ৰায় এবছৰৰ পিচতো ঋণ লাভ নকৰি বিমোৰত পৰিছে ভূক্তভোগী মহিলা সকল। অৱশেষত মহিলা সকলে ঋণৰ পৰিৱৰ্তে মহিলাগৰাকীয়ে সংগ্ৰহ কৰা ধন বিচাৰি ৰুলি বৰাৰ ঘৰত উপস্থিত হয় ৷ কিন্তু মহিলাগৰাকীয়ে ধন দিবলৈ মান্তি নোহোৱাত ভুক্তভোগী মহিলাসকলে লপা-থপা দিয়া পৰিলক্ষিত হয়৷ শীঘ্ৰেই ধন আদায় নিদিলে মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে ক্ষোভিত মহিলাসকলে ৷