ETV Bharat / state

Bank Employees Protest: দ্বিতীয় দিনৰ বাবেও অচল দেশৰ বেংক সেৱা

author img

By

Published : Dec 17, 2021, 4:55 PM IST

শুকুৰবাৰেও অচল হৈ পৰিল সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বেংক সেৱা ৷ ইউনাইটেড ফৰাম অব্ বেংক ইউনিয়ন(United Forum of Bank Unions)ৰ আহ্বানত দেশজুৰি ৰূপায়ন কৰা ধর্মঘট কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো অব্যাহত থাকে ৷

Bank Employees Protest
দ্বিতীয় দিনৰ বাবেও অচল দেশৰ বেংক সেৱা

নগাঁও, 17 ডিচেম্বৰ: বেংক কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত দ্বিতীয় দিনাও অচল হৈ পৰিল সমগ্ৰ দেশৰ লগতে নগাঁৱৰ বেংক সেৱা । ৰাষ্ট্ৰীয়কৃত বেংকসমূহ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ প্ৰতিবাদত বেংক কৰ্মচাৰীসকলে আৰম্ভ কৰে এই ধৰ্মঘট কাৰ্যসূচী ।

ইউনাইটেড ফৰাম অব্ বেংক ইউনিয়ন(United Forum of Bank Unions)ৰ আহ্বানমৰ্মে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে বেংক কৰ্মচাৰীসকলে । ৰাজহুৱা খণ্ডৰ বেংকৰ বেচৰকাৰীকৰণ(Privatization of Public Sector Banks), বেংকিং আইন (সংশোধনী) বিল-২০২১ (Banking Laws Amendment Bill, 2021)ৰ বিৰোধিতা আৰু ৰাজহুৱা খণ্ডৰ বেংক শক্তিশালীকৰণৰ দাবীত দুদিনীকৈ সমগ্ৰ দেশজুৰি ধর্মঘট কাৰ্যসূচী পালন কৰিছে ।

দ্বিতীয় দিনৰ বাবেও অচল দেশৰ বেংক সেৱা

দেশজুৰি পালন কৰা এই ধৰ্মঘট কাৰ্যসূচী দ্বিতীয় দিনাও সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো অব্যাহত থাকে । ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ সন্মুখত শুক্ৰবাৰে বেংকৰ বিষয়া-কৰ্মচাৰীসকলে পালন কৰে ধৰ্মঘট কাৰ্য্যসূচী । ৰাষ্ট্ৰীয়কৃত বেংকসমূহ ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক কোনো কাৰণতে মানি ল'ব বিচৰা নাই বেংকৰ বিষয়া কৰ্মচাৰীসকলে । ৰাষ্ট্ৰীয়কৃত বেংকসমূহ ব্যক্তিগতকৰণ কৰিলে গ্ৰাহকৰ জমা ধন সুৰক্ষিত হৈ নথকাৰ শংকা কৰিছে খোদ বেংকৰ বিষয়া-কৰ্মচাৰীসকলে ।

পুঁজিপতিৰ হাতত বেংকৰ গ্ৰাহকৰ ধন সুৰক্ষিত নাথাকে বুলি দাবী কৰি চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে । ব্যক্তিগত খণ্ডৰ বেংকসমূহ কেৱল চহৰমুখী বুলি উল্লেখ কৰি ৰাজহুৱা খণ্ডৰ বেংকসমূহে গাঁও অঞ্চলৰ গ্ৰাহকৰ সৈতে লেনদেন কৰিবলৈ গ্ৰাম্য অঞ্চলত শাখাৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে প্ৰতিবাদকাৰী বেংক বিষয়াই ।

লগতে পঢ়ক: Bank employees protest in Assam: গুৱাহাটীত অচল বেংক সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.