ETV Bharat / state

পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰহাবাসীক - কচুৱা গেৰজাইপামৰ এটা পথক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ

কচুৱা গেৰজাইপামৰ এটা পথক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ । পথচোৱা আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ।

RAHA BAD ROAD COMMUNICATION
পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰহাবাসীক
author img

By

Published : May 7, 2021, 3:57 PM IST

বঢ়মপুৰ, ৭ মে': চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা-বিষয়া তথা কৰ্মচাৰী । সমান্তৰালকৈ অপৰিৱৰ্তিত হৈ থাকে পথৰ দুৰৱস্থা । নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱা গেৰজাইপামৰ বোকাময় পথটোৱে স্পষ্ট ৰূপত উন্নয়নৰ প্ৰকৃত ছবি দাঙি ধৰিছে । ৰহা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ সমষ্টিতেই উন্মোচিত হৈছে পথৰ দুৰাৱস্থা । পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতো কচুৱা গেৰজাইপামৰ পথটো আজিকোপতি নিৰ্মাণ নহ'ল । যাৰ ফলত এই পথটোক লৈ তাহানিৰ পৰাই সমস্যাৰ সন্মুখীন হৈ আহিছে স্থানীয় ৰাইজ ।

পথচোৱা আজিকোপতি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভূগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এজাক বৰষুণ দিলেই পথটোৰে যাতায়ত কৰিব নোৱাৰে গঞাই ৷ বাৰিষা দিনত একাঁঠু পৰ্যন্ত পানী হয় পথটোৰ ওপৰত ৷ স্থানীয় গেৰজাইপাম পঞ্চায়তে পথটো নিৰ্মানৰ বাবে ১০ লাখ টকা অনুমোদন কৰি পথ নিৰ্মাণ কৰিলে যদিও এজাক বৰষুণতে পুনৰ বোকাময় অৱস্থা হয় পথটোৰ ৷ আনকি দেশৰ স্বাধীনতাৰ পাছত গাঁওখনত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ হৈছিল যদিও খুঁটা কেইটাৰ বাদে আজিও সম্পূৰ্ণ নহ'ল দলংখন ৷ ফলত যমৰ যান্ত্ৰণাত দিন অতিবাহিত কৰিব লগা হৈছে গাঁওবাসীয়ে ৷

পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰহাবাসীক

গাঁওবাসীৰ আহ্বান, সদ্যঘোষিত ৰহাৰ বিধায়কজনে বাৰিষাৰ পূৰ্বেই পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক । পথচোৱা নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে । যি সময়ত বিজেপি চৰকাৰখনে ৰাজ্যখনত বাট-পথৰ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে, তেনে সময়তো গেৰজাইপাম পথটো বছৰৰ পিছত বছৰ ধৰি বিধ্বস্ত অৱস্থাত পৰি থাকিল । নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষলৈ ভোট বিচাৰি আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও, নিৰ্বাচিত হোৱাৰ পাচত সমষ্টিৰ ৰাইজক পাহৰি যায় এইসকল নেতাই ।

লগতে পঢ়ক: জাগীৰোডত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছসহ জালনোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.