ETV Bharat / state

লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক - bad condition of Public Construction Department Road of rupahihat

85 নং ৰূপহীহাট বিধানসভা সমষ্টিৰ সোনাই-ছাইদৰীয়া লোক নিৰ্মাণ বিভাগৰ পথৰ লগতে ভিতৰুৱা অঞ্চলৰ পথ সমূহৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক ৷ পথসমূহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দি পথ নিৰ্মাণ নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

bad condition of Public Construction Department Road in rupahihat
লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক
author img

By

Published : Jun 9, 2021, 9:41 PM IST

Updated : Jun 9, 2021, 10:38 PM IST

ৰূপহীহাট,9 জুন: ৰূপহীহাটৰ এটা পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক ৷ 85 নং ৰূপহীহাট বিধানসভা সমষ্টিৰ সোনাই-ছাইদৰীয়া লোক নিৰ্মাণ বিভাগ(Public Construction Department Road)ৰ পথৰ লগতে ভিতৰুৱা অঞ্চলৰ পথ সমূহৰ দুৰৱস্থাই পুনৰ বাৰ চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ৷ কিয়নো সমাগত বাৰিষা ৷ এজাক বৰষুণ আহিলেই পূৰ্বৰ পৰাই যাতায়তৰ বাবে অনুপযোগী হোৱা পথসমূহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক নুৰুল হুদাই ৷ স্থানীয় ৰাইজৰ অভিযোগ বিগত পাঁচটা বছৰত NRC ৰ নাম লৈ সময় পাৰ কৰিলে বিধায়ক গৰাকীয়ে ৷

লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক

জনপ্ৰতিনিধি আহিছে আৰু গৈছে; কিন্তু ৰূপহীহাট সমষ্টিৰ সমস্যা,সমস্যা হৈয়ে ৰৈছে । যাতায়তৰ বাবে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি জনতাৰ ভোট সংগ্ৰহ কৰিছে ঠিকেই, কিন্তু সমস্য়াৰ প্ৰতি আওকান কৰি আহিছে জন প্ৰতিনিধিয়ে ৷ ৰূপহীহাটৰ পথত এতিয়া গাড়ী চলাচল কৰাটো দূৰৈৰ কথা, সাধাৰণ ৰাইজ চলাচল কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথত ৷ বাৰিষাৰ দিনত মথাউৰিৰ সৈতে সমান হৈ থাকে পথৰ পানী ৷ যাৰ ফলত ভয় আৰু শংকাৰ মাজত জীৱন অতিবাহিত কৰিছে সাধাৰণ জনতাই ৷

bad condition of Public Construction Department Road in rupahihat
লোক নিৰ্মাণ বিভাগৰ পথে জ্বলা-কলা খুৱাইছে ৰূপহীহাটবাসীক

লগতে পঢ়ক: দিহিং পাটকাই আৰু ৰাইমনা লৈ ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি

Last Updated : Jun 9, 2021, 10:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.