কলিয়াবৰ,২৩ মে': বাৰিষাৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বানৰ বিভিষিকা(Flood in Assam) । বানে প্ৰতিবছৰে বেয়াকৈ ক্ষতিসাধন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক । বনকৰ্মীসকলে জীৱন হাতৰ মুঠিত লৈ মোকাবিলা কৰে বান পৰিস্থিতিৰ সৈতে । সেয়ে এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানত সৰ্বাধিক ক্ষতি হোৱা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলত আগতীয়াকৈ তৎপৰতা গ্ৰহণ কৰিছে বিষয়া তথা বনৰক্ষীসকলে(Forest Camps and Guard to be well Equipped) ।

কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত জাৰি কৰিছে ১৪৪ ধাৰা । বুঢ়াপাহাৰ বনাঞ্চলত সাজু কৰি তুলিছে ২৫ খন হাত নাও, ৩ খনকৈ মেচিন নাও । বানপানীৰ সৈতে মোকাবিলা কৰিবৰ বাবে পৃথকে-পৃথকে সাজু কৰিছে বনকৰ্মীৰ দল ।

বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্য জীৱ জন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে যাতে নিৰাপদে পাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে এই ১৪৪ ধাৰা । টাইম কাৰ্ডৰ ব্যৱস্থাৰ বাবে কলিয়াবৰ প্ৰশাসনক আগতীয়াকৈ আবেদন জনাইছে উদ্যান কৰ্তৃপক্ষৰ ।
লগতে পঢ়ক: ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ