নগাঁও,23 ছেপ্তেম্বৰঃ আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । নগাঁও আৰক্ষীৰ জালত আন্তঃৰাজ্যিক এ টি এম লুট চক্ৰৰ দুই মূল মাষ্টাৰ মাইণ্ড। আৰক্ষীৰ অভিযানত জব্দ হৈছে এ টি এম মেচিন কাটিবলৈ ব্যৱহৃত সামগ্ৰী ।
এটা আন্তঃৰাজ্যিক এ টি এম লুট চক্ৰ। গেছ কাটাৰ ব্যৱহাৰ কৰি এ টি এমৰ মেচিন কাটি ধন লুটপাত কৰা এটা চক্ৰ অৱশেষত জালত পৰিছে নগাঁও আৰক্ষীৰ। হাৰীয়ানাৰ এটা চক্ৰই অসমৰ আন এটা চক্ৰৰ সহযোগত নগাঁও, গুৱাহাটী, শিলচৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত সময়ত এ টি এমৰ মেচিন ভাঙি লুটপাত কৰি আহিছে বৃহৎ পৰিমাণৰ ধন। আৰক্ষীৰ পহৰাৰ ব্যৱস্থা নথকা, চি চি কেমেৰা সক্ৰিয় নথকা আদি এ টি এম বুথ সন্দৰ্ভত হাৰিয়ানাৰ চক্ৰটোলৈ তথ্য যোগান ধৰে অসমৰ চক্ৰটোৱে। সেই মৰ্মে নিশা গেছ কাটাৰ ব্যৱহাৰ কৰি চক্ৰটোৱে এ টি এমৰ মেচিন কাটি লুটি নিয়ে ধন ।
![atm cutter gang arrested at nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8912248_304_8912248_1600874839376.png)
ইতিমধ্যে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই হোজাই জিলাৰ লংকাৰ উদালি আৰু বামুণগাঁৱৰ পৰা দিলোৱাৰ হুছেইন আৰু আব্দুৰ ৰহমান নামৰ দুই মাষ্টাৰ মাইণ্ডক কৰায়ত্ত কৰি অব্যাহত ৰাখিছে মাৰাথান জেৰা।
ইপিনে আন্তঃৰাজ্যিক এই বৃহৎ চক্ৰটোৰ দুই মাষ্টাৰ মাইণ্ড দিলোৱাৰ আৰু আবেদুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ চকীটুপৰ সমীপৰ চাহাব উদ্দিনত চলাই অভিযান। এই অভিযানতে এ টি এমৰ মেচিন কটাত ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ লগতে গেছ ছিলিণ্ডাৰো জব্দ কৰিবলৈ সক্ষম হয়। ধৃত দিলোৱাৰক লগত লৈ আৰক্ষীৰ দলে চলাইছিল অভিযান। বিগত কিছুদিন ধৰি ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰা নগাঁও আৰক্ষীক এতিয়া প্ৰশংসা কৰিছে জিলাখনৰ সচেতন মহলে।
![atm cutter gang arrested at nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8912248_uo.jpg)
লগতে পঢ়কঃ কৰ’ণা ৰোগীৰ মৃতদেহ সৎকাৰক লৈ ডিফুত উত্তপ্ত পৰিস্থিতি