ETV Bharat / state

২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত দ্য মিছিং বয়

Assamese movie The Missing Boy: বৰ্তমান সময়ত মহিলা-পুৰুষ উভয়ে ব্যস্ত নিজ নিজ কৰ্মত ৷ যাৰ বাবে বহু সময়ত কৰ্ম ব্যস্ততাৰ বাবে নিজৰ সন্তানক সময় দিব নোৱাৰে পিতৃ-মাতৃৱে আৰু ইয়াৰ বেয়া প্ৰভাৱ পৰে সেই শিশুটিৰ মনত ৷ ইয়াকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এখন বোলছবি, নাম ‘The Missing Boy’ ৷ এই ছবিখন ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 12:36 PM IST

Assamese film The Missing Boy selected for 29th Kolkata International Film Festival
দ্য মিছিং বয়
দ্য মিছিং বয়

কলিয়াবৰ, ৩১ ডিচেম্বৰ: বৰ্তমান সময়ত প্ৰায়ে দেখা যায় পিতৃ-মাতৃৰ অৱহেলাৰ সন্মুখীন হ’বলগীয়া হয় সন্তান । ইয়াৰ মূল কাৰণ হ’ল আধুনিক জীৱনৰ ব্যস্ততা । উন্নত বিদ্যালয়ত পঢ়াৰ সুবিধা, সাজ-পোছাক, খোৱা-বোৱা, লাহ-বিলাহৰ সা-সামগ্ৰীৰ চাহিদা পূৰণত কোনো কৃপণালি নকৰে পিতৃ-মাতৃয়ে । কিন্তু সন্তানৰ বাবে সময় দিব নোৱাৰাটো আজিৰ আধুনিক সমাজৰ পিতৃ-মাতৃৰ স্বভাৱত পৰিণত হৈছে । পশ্চিমীয়া আধুনিকতাৰ কৰাল গ্ৰাসত বহু সন্তানৰ শৈশৱ দুৰ্বিসহ হৈ পৰিছে । ফলস্বৰূপে সন্তানৰ আচৰণ, জীৱনশৈলী শিশুসুলভ হৈ থকা নাই ।

উল্লেখ্য যে, এনে পৰিস্থিতিত বহু সন্তানৰ মনত অপৰাধ প্ৰৱণতাৰ বাস লয়, যাৰ বাবে তেনে শিশুৱে হেৰুৱাই পেলাই সোণালী শৈশৱ । হয়তো, বহু পিতৃ-মাতৃয়ে এইবোৰ সমস্যা বুজিও পায়, যাৰ বাবে সন্তানক সময় দিব খোজে কিন্তু ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ নুঠে । বিশেষকৈ বৰ্তমান সমাজৰ আঢ্যৱন্ত পৰিয়ালৰ সন্তানৰ বাবে ই হৈ পৰিছে অভিশাপ । যান্ত্ৰিক জীৱনত মৰমসনা এষাৰ মাতৰ বাবে বহু সন্তানৰ ব্যাকুলতা আধুনিকতাৰ কৰ্কশ শব্দৰ মাজত হেৰাই যায় । তেনে এক পৰিৱেশ লৈয়ে নিৰ্মাণ হৈছে এখন ছবি, নাম ‘The Missing Boy’।

দ্য মিছিং বয়ৰ কাহিনী -

মহানগৰৰ আঢ্যৱন্ত পৰিয়ালৰ কোনো অভাৱ নোপোৱা অথচ পিতৃ-মাতৃৰ আৱহেলাৰ মাজত ডাঙৰ হোৱা এটি বাৰ বছৰীয়া শিশু, নাম অনুভৱ । পুত্ৰৰ জন্মদিন পালন কৰিবলৈও সময় নাই পিতৃ-মাতৃৰ । কণমানি ল’ৰাটোৰ আইতাক একমাত্ৰ লগৰী, সুখৰো-দুখৰো । এনে অলেখ বেদনা বুকুৰ মাজত লৈ অনুভৱ এদিন ঘৰৰ পৰা হেৰাই গ’ল । কেনি গ’ল ? কোনোবাই অপহৰণ কৰিলে নেকি ? ল’ৰাটোৱে কিয় এনে কৰিলে ? এনে অলেখ প্ৰশ্ন লৈ অনুভৱৰ অনুসন্ধান চলিল । এই অনুভৱৰ অনুভৱী মনটোক বুজি নোপোৱা পিতৃ-মাতৃয়ে অনুভৱৰ সন্ধান পালেনে-নাপালে সেই বিষয়ে জানিবলৈ আপুনি চাব লাগিব শিশু মনস্তাত্বিক জগতক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা ‘দ্য মিছিং বয়’ বোলছবিখন ।

মলয় কুমাৰ ৰয়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত হোৱা ‘দ্য মিছিং বয়’ৰ মূল কেন্দ্ৰবিন্দু ‘অনুভৱ’ৰ চৰিত্ৰত অভিনয় কৰিছে কলিয়াবৰৰ শ্ৰীশ্ৰীচুপহা সত্ৰৰ নিৱাসী বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থকা মুনিন্দ্ৰ কুমাৰ মহন্ত আৰু গীতাঞ্জলি বৰা মহন্তৰ পুত্ৰ বাস্তৱজ্যোতি মহন্তই । গুৱাহাটীৰ আইকন ইংলিছ স্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত বাস্তৱজ্যোতি মহন্তই বোলছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে । গুৱাহাটীৰ মানিক ৰয়ৰ তত্বাৱধানত গুৱাহাটী শিশু নাট্য বিদ্যালয়ত প্ৰশিক্ষণ লৈ নাটকত অভিনয় কৰা বাস্তৱ চকুত পৰে পৰিচালক মলয় কুমাৰ ৰয়ৰ ।

ইফালে শেহতীয়াকৈ বাস্তৱে মূল চৰিত্ৰটোত অভিন‌য় কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে ইটিভি ভাৰত অসমক বৰ্ণনা কৰে । জীৱনৰ প্ৰথম অভিনয় কৰা ছবিখনে ইতিমধ্যে ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে । অহা ২৯ জানুৱাৰী তাৰিখে কলকাতাত 'দ্য মিছিং বয়'ৰ প্ৰদৰ্শনীলৈ বাস্তৱক আমন্ত্ৰণ জনাইছে । ছবিখনত বাস্তৱৰ পিতৃ-মাতৃ আৰু আইতাৱকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে – পল ফুকন, দুৰ্গাশ্ৰী বৰা আৰু ড৹ লতিকা ডেকাই । বোলছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল আজাৰা, গোৱালপাৰাৰ আগিয়াত ।

লগতে পঢ়ক: অভিনয় জগতৰ লগত কেনেকৈ জড়িত হৈছিল পৰিচালক কৃপাল কলিতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.