ETV Bharat / state

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ - নগাঁও

জনস্বাস্থ্য তথা জীৱজগতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই পাৰ্থেনিয়ামৰ গছে । এই গছবোৰ ধ্বংস কৰিবলৈ ৰহা পৌৰসভা তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক স্থানীয় ৰাইজে বহু অনুৰোধ কৰাৰ পাছতো বিহিত ব্যৱস্থা ন'ললে কৰ্তৃপক্ষই ।

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ
author img

By

Published : Jun 27, 2019, 9:49 AM IST

নগাঁও, ২৭ জুনঃ নগাঁৱৰ ৰহাত বিষাক্ত পাৰ্থেনিয়ামৰ গছেৰে ভৰি পৰিছে ৰাজপথ । নিৰ্বিকাৰ ৰহাৰ পৌৰ সভাৰ লগতে প্ৰশাসন ।

ৰহাৰ ৰাষ্ট্ৰীয় পথৰ চৌদিশে ভয়াৱহ ৰূপত গজি উঠা মাৰাত্মক পাৰ্থেনিয়ামৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো প্ৰশাসন তথা ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ গা নলৰিল । ফলত ডাঠ হাবিসদৃশ হৈ পৰিছে ৰহাৰ এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা । চকুমুদা কুলিৰ ভাও ধৰা প্ৰশাসনৰ গা নলৰাত অৱশেষত জনস্বাস্থলৈ ভাবুকি কঢ়িয়াই অনা এই বিষাক্ত পাৰ্থেনিয়ামৰ লগতে ৰাজপথৰ হাবি-জংঘল কাটিবলৈ আগবাঢ়ি আহিল ৰহাৰ সংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থা । বিগত পাঁচ দিন ধৰি হাজিৰা লগাই সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থাই নিকা কৰাই আছে ৰাষ্ট্ৰীয় পথচোৱা । প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বিপৰীতে ৰহাৰ সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা, টেম্প' চালক সন্থাৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে ।

বিষাক্ত পাৰ্থেনিয়াম গছে আগুৰি ধৰিছে ৰহা চহৰ

লগতে আন এটা বাতৰি- বিশ্বনাথত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

Intro:বিষাক্ত পাৰ্থেনিয়ামৰ লগতে হাবি-জংঘলেৰে ৰহাৰ ৰাজপথ আগুৰি ধৰাৰ পিচতো সেইবোৰ চাফা কৰিবলৈ সময় নহ'ল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ , ৰহা পৌৰসভা কিম্বা প্ৰশাসনৰ। ৰাষ্ট্ৰীয় পথৰ চৌদিশে ভয়াৱহ ৰূপত গজি উঠা এই মাৰাত্মক পাৰ্থেনিয়ামৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো প্ৰশাসন তথা ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ গা নলৰিল। ফলত ডাঠ হাবিসদৃশ হৈ পৰিছে ৰহাৰ এই ৰাষ্ট্ৰীয় পথচোৱা। চকুমুদা কুলিৰ ভাও ধৰা প্ৰশাসনৰ গা নলৰাত অৱশেষত জনস্বাস্থলৈ ভাবুকি কঢ়িয়াই অনা এই বিষাক্ত পাৰ্থেনিয়ামৰ লগতে ৰাজপথৰ হাবি-জংঘল কাটিবলৈ আগবাঢ়ি আহিল ৰহাৰ সংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থা। আটাইৰে ব্যক্তিগত দান বৰঙণিৰে নিকা কৰি থকা হৈছে চাৰিশাখাযুক্ত ৩৭নং ৰাষ্ট্ৰীয় পথচোৱা। বিগত পাঁচ দিন ধৰি হাজিৰা লগাই এনেদৰে সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা আৰু টেম্প' চালক সন্থাই নিকা কৰাই আছে ৰাষ্ট্ৰীয় পথচোৱা। প্ৰশাসনৰ নিৰ্লিপ্ত ভুমিকাৰ বিপৰীতে ৰহাৰ সাংবাদিক সন্থা, ব্যৱসায়ী সন্থা, টেম্প' চালক সন্থাৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে সকলোৱে। Body:বিষাক্ত পাৰ্থেনিয়ামে আগুৰি ধৰিছে ৰহা চহৰ । চহৰখনৰ মাজেৰে যোৱা ফ'ৰলেন হাইৱে'ৰ দুয়োকাষে শাৰী শাৰী বিষাক্ত পাৰ্থেনিয়ামৰ গছ । জনস্বাস্হ্য তথা জীৱজগতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই পাৰ্থেনিয়ামৰ গছে । এই গছবোৰ ধ্বংস কৰিবলৈ ৰহা পৌৰসভা , তথা নগাঁও জিলা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক স্হানীয় ৰাইজে বহু অনুৰোধ কৰাৰ পাছতো বিহিত ব্যৱস্হা নললে কতৃপক্ষ ই । উপায়ন্তৰ হৈ নিজৰ গাঁঠিৰ ধন ভাঙি এই গছবোৰ ধ্বংস কৰিবলৈ ওলাই আহিল ৰহা সাংবাদিক সন্হা । সাংবাদিক সন্হাক সহায় কৰিলে স্হানীয় কিছু ব্যৱসায়ী আৰু অট' টেম্পু চালক সন্হাই ।

ৰহাৰ পৰা

দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.