ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ পৰা সাৰি নগ’ল জগতগুৰু শংকৰদেৱ ! - ৰূপক শৰ্মা

নিৰ্বাচন আহিলেই নেতাই সকলো কৰিব পাৰে ৷ পিচে নেতাই কৰা কেতবোৰ কাৰ্যই আকৌ মৰ্মাহত কৰে একাংশক ৷ ঠিক তেনে দশাই হ’ল নগাঁৱত ৷ নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰূপক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে তৈয়াৰ এক গীতক লৈ ক্ষুব্ধ হৈ পৰিছে সচেতন মহল ৷ ৰূপক শৰ্মাই শংকৰদেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক পেৰডি কৰি নৰেন্দ্ৰ মোডীক শংকৰদেৱৰ লগত তুলনা কৰাৰ পাচতেই এতিয়া ক্ষোভত ফাঁটি পৰিছে জগতগুৰুৰ জন্মস্থান নগাঁৱৰ একাংশ লোক ৷

এইবাৰ শংকৰদেৱক লৈ নিৰ্বাচনী প্ৰচাৰ ৰাজনৈতিক দলৰ
author img

By

Published : Apr 7, 2019, 12:06 PM IST

নগাঁও, 7 এ্ৰপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ কোনোৱে যদি নাচি-বাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে কোনোৱে আকৌ আনৰ দোষ খুচৰি নিজকে ধোৱা তুলসীৰ পাত সজাইছে ৷ মুঠতে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ মাজতে নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰচাৰে সকলোৰে চকু কঁপালত তুলিছে ৷

এইবাৰ শংকৰদেৱক লৈ নিৰ্বাচনী প্ৰচাৰ ৰাজনৈতিক দলৰ

ৰূপক শৰ্মাই শংকৰদেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক পেৰডি কৰি নিজৰ ৰাজনৈতিক প্ৰচাৰ চলোৱাৰ পিচত একাংশই প্ৰাৰ্থীজনক ৰাজনৈতিক মুনাফাৰ বাবে গুৰুজনাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে জন্ম স্থানতে গুৰুজনাক অপমান কৰাৰ কাৰ্যক মানি ল’ব পৰা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মকৰ্তাৰ লগতে সচেতন নাগৰিকে ৷ উল্লেখ্য যে, হৰিনামক পেৰডি কৰি গোৱা গীতত নৰেন্দ্ৰ মোডীক তুলনা কৰা হৈছে শংকৰ দেৱৰ লগত, যিটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ যি জন গুৰুৱে অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিলে সেইজন গুৰুক জন্ম স্থানতে অপমান কৰাটো কোনো কাৰণতে সহ্য নকৰে বুলি হুংকাৰ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ লগতে সচেতন নাগৰিকৰ ৷ অনাগত দিনত নিজৰ মুনাফা আদায়ৰ বাবে কোনো ৰাজনৈতিক দলে যাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ নিকৃষ্ট ৰাজনীতি নকৰে তাৰ বাবে সকিয়াই দিয়ে ভিন্ন জনে ৷

Intro:Anchor=এইবাৰ শংকৰ দেৱক লৈ নিকৃষ্ট ৰাজনীতি একাংশ ৰাজনৈতিক দলৰ ৷ জন্ম স্থান নগাঁৱতে অপমান গুৰুজনাক ৷ গুৰুজনাৰ লগত তুলনা কৰিলে ৰাজনৈতিক নেতাক ৷ কোনে ক'ত কৰিলে এই সস্তীয়া ৰাজনীতি, চাঁৱক আমাৰ এই প্ৰতিবেদন ৷
Body:Vo=লোকসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজ্যত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ কোনোৱে যদি নাচিবাগি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে কোনোৱে আকৌ আনৰ দোষ খুচৰি নিজকে ধোৱা তুলসীৰ পাত সজাইছে ৷ মুঠতে জমি উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ তাৰ
মাজতে নগাঁও সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ প্ৰচাৰে সকলোৱে চকু কঁপালত তুলিছে ৷ শংকৰ দেৱৰ সৃষ্টিৰাজি আৰু গুৰুজনাক লৈ সৃষ্টি কৰা হৰিনামক প্ৰেৰডি কৰি নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি এক প্ৰকাৰ গুৰুজনাক অপমান কৰাৰ অভিযোগ উঠিছে ৷ ইফালে জন্ম স্থানতে গুৰুজনাক অপমান কৰাৰ কাৰ্যক মানি লব পৰা নাই শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ কৰ্মকৰ্তাৰ লগতে সচেতন নাগৰিকে ৷ স্মৰ্তব্য যে হৰিনামক প্ৰেৰডি কৰি গোৱা গীতত নৰেন্দ্ৰ মোডীক তুলনা কৰা হৈছে শংকৰ দেৱৰ লগত, যিটো কোনো কাৰণতে গ্ৰহনযোগ্য নহয় ৷ যি জন গুৰুৱে অসমীয়া জাতিক বিশ্ব দৰবাৰত চিনাকী কৰাই দিলে সেইজন গুৰুক জন্ম স্থানতে অপমান কৰাটো কোনো কাৰণতে সহ্য নকৰে শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ লগতে সচেতন নাগৰিকে ৷ অনাগত দিনত নিজৰ মুনাফা আদায়ৰ বাবে কোনো ৰাজনৈতিক দলে যাতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ নিকৃষ্ট ৰাজনীতি নকৰে তাৰ বাবে সকিয়াই দিয়ে বিভিন্ন জনে ৷
Byte= প্ৰাক্তনগ্ৰন্থ সম্পাদক শংকৰ সংঘ/সচেতন লোক ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.