নগাঁও, 21 মেঃ গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠান ইমপেক্ট মিডিয়াৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হয় বিশেষ শিক্ষা মেলা । বিগত বৰ্ষসমূহত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা এই শিক্ষা মেলা এইবাৰ নগাঁও মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জ্যেষ্ঠ অধিবক্তা আলোক গোস্বামীয়ে।
শিক্ষাৰ্থীয়ে তেওঁলোকে ভৱিষ্যতে অধ্যয়ন কৰিবলৈ আগ্ৰহী বিষয়ত আলোচনা কৰা তথা উপযুক্ত শিক্ষানুষ্ঠানৰ সঠিক তথ্যৰ লগতে নামভৰ্তিৰ সম্পূৰ্ণ তথ্য শিক্ষা মেলাৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিব৷
এই শিক্ষা মেলাত শিক্ষাৰ্থীসকলে বিভিন্ন জলপানিৰ লগতে অভিযান্ত্ৰিক, মেনেজমেণ্ট, চিকিৎসা বিজ্ঞান, কৃষি বিজ্ঞান আদি বিষয়ৰ ওপৰত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ফালৰ পৰা বিৱৰণ লাভ কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।