জুৰীয়া, 7 এপ্ৰিলঃ ৰূপহীহাট সমষ্টিৰ জুৰীয়াত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বিজেপি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে অৱশেষত স্থগিত ৰাখিবলগীয়া হয় সভাখন ৷ সোমবাৰে পুনৰ সভাখন অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকক জানিবলৈ দিয়ে ৷
দেওবাৰে উক্ত সভাখনত হেলিকপ্তাৰেৰে উপস্থিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী সোণোৱাল ৷