ETV Bharat / state

Nagaon Mobile Library: নিলাম হ’ব নগাঁৱৰ চলন্ত লাইব্ৰেৰী - AJYCP

নগাঁৱৰ জিলা পুথিভঁৰালৰ প্ৰাংগনত থকা চলন্ত পুথিভঁৰাল নিলামৰ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী পুথিভঁৰাল সেৱা সঞ্চালকালয়ে ৷ কিন্তু জাননীৰ পিচতেই নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ নিলামৰ নিৰ্দেশনাক গৰিহনা নগাঁৱৰ নাগৰিক সমাজৰ ৷

Nagaon Mobile Library
নিলাম হ’ব নগাঁৱৰ চলন্ত লাইব্ৰেৰী; ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jan 21, 2023, 8:45 PM IST

নিলাম হ’ব নগাঁৱৰ চলন্ত লাইব্ৰেৰী

নগাঁও, 21 জানুৱাৰী: গুৱাহাটী পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ এটা নিৰ্দেশনাৰ পিচতেই নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কাৰণ নগাঁৱৰ এখন চলন্ত পুথিভঁৰাল বিক্ৰীৰ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী পুথিভঁৰাল সেৱা সঞ্চালকালয়ে(Nagaon mobile library) ৷

উল্লেখ্য যে, ৬০ ৰ দশকত নগাঁৱত আৰম্ভ হৈছিল চলন্ত পুথিভঁৰাল ৷ নগাঁও জিলা পুথিভঁৰাল(Nagaon district library) প্ৰাংগণত থকা এই বাহনখনেই হৈছে নগাঁৱৰ চলন্ত পুথিভঁৰাল । ৬০ৰ দশকত তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ(Bimala Prasad Chaliha) দিনত আৰম্ভ হোৱা এই চলন্ত পুথিভঁৰালেই ঘৰে ঘৰে বিলাইছিল জ্ঞানৰ পোহৰ ।

কিন্তু পৰৱৰ্তী সময়ত মৃত্যুৰ দিশে গতি কৰিছিল এই চলন্ত পুথিভঁৰালখনে । সম্প্ৰতি নগাঁও জিলা পুথিভঁৰাল প্ৰাংগনতেই পৰিত্যক্ত অৱস্থাত আছে এইখন চলন্ত পুথিভঁৰাল । পুথিভঁৰালখন দীর্ঘদিন ধৰিয়েই আছে অচল অৱস্থাত ।

হয়, শেহতীয়াকৈ এই চলন্ত পুথিভঁৰাল নিলামৰ নিৰ্দেশ দিছে গুৱাহাটী পুথিভঁৰাল সেৱা সঞ্চালকালয়ে(Auction of Nagaon mobile library) । যাক লৈ সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । নগাঁৱৰ চলন্ত পুথিভঁৰাল নিলামৰ বিৰুদ্ধে শুকুৰবাৰে নগাঁৱত অনুষ্ঠিত হয় এখন নাগৰিক সভা ।

নাগৰিক সভাৰ জৰিয়তে নগাঁৱৰ চলন্ত বাহনৰ নিলাম বাতিল কৰি সংৰক্ষণৰ দাবী উত্থাপন কৰে নগাঁৱৰ নাগৰিক সমাজে । এই চলন্ত পুথিভঁৰাল নিলামৰ নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে অন্যান্য দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিও(AJYCP) ।

নগাঁৱৰ চলন্ত পুথিভঁৰাল নিলামৰ বাবে প্ৰস্তুতি চলোৱা কাৰ্যক গৰিহণা দিছে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । চলন্ত পুথিভঁৰালৰ নিলাম বাতিল কৰি সংৰক্ষণৰ লগতে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

ইপিনে, নগাঁৱৰ চলন্ত পুথিভঁৰাল নিলামৰ বাবে গুৱাহাটী পুথিভঁৰাল সেৱা সঞ্চালকালয়ে প্ৰেৰণ কৰা পত্ৰৰ প্ৰতিলিপি এগৰাকী সাংসদলৈ প্ৰেৰণ কৰা কাৰ্যত আন এক ৰহস্যৰ গোন্ধ পাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ।

এতিয়া প্ৰশ্ন হয়, পুনৰ কাৰ্য্যক্ষম হ'বনে নিলাম হ'ব নগাঁৱৰ এই চলন্ত পুথিভঁৰাল ? নগাঁৱৰ এই চলন্ত পুথিভঁৰালৰ নিলাম বাতিল কৰিবলৈ নগাঁৱৰ সচেতন নাগৰিকৰ লগতে দল সংগঠনে দাবী উত্থাপন কৰাৰ পিছত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Government school in Nagaon: নগাঁৱৰ এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.