ETV Bharat / state

কৰিমগঞ্জৰ যুৱতী ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত নগাৱঁত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে নগাঁৱত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। কৰিমগঞ্জৰ ধৰ্ষণ কাণ্ডৰে জড়িত অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী । নাৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ ।

কৰিমগঞ্জৰ যুৱতী ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত নগাৱঁত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ
কৰিমগঞ্জৰ যুৱতী ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত নগাৱঁত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Nov 17, 2020, 2:01 PM IST

নগাঁও, ১৭ নৱেম্বৰ: কৰিমগঞ্জত দুগৰাকীকৈ যুৱতী ধৰ্ষণৰ বলি হোৱাৰ পিছতে দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল-সংগঠনে । নগাঁৱতো মহিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু কৰিমগঞ্জত ধৰ্ষণৰ বলি হোৱা যুৱতী দুগৰাকীৰ ন্যায়ৰ দাবী জনায় । নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামণি বৰাই ।

কৰিমগঞ্জৰ যুৱতী ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত নগাৱঁত মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

বিজেপি চৰকাৰ নাৰী সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰী শিৱামণি বৰাই । এই কাৰ্যসূচীৰ জৰিয়তে নাৰীক সুৰক্ষা দিবলৈও চৰকাৰক দাবী জনায় প্ৰতিবাদী মহিলাসকলে । লগতে ধৰ্ষণ কাণ্ডৰ অভিযুক্তক উচিত শাস্তি প্ৰদানৰো দাবী জনায় মহিলা কংগ্ৰেছে । সঘনাই সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাই নাৰীসকলক অধিক শংকিত কৰিছে বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:আজিৰে পৰা মালাবাৰ যুদ্ধাভ্যাসৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.