ETV Bharat / state

Arunachal Pradesh Zero crash: গাঁওবাসীক কন্দুৱাই গ’লগৈ নয়ন; স্বগৃহ পালেহি নয়নৰ মৃতদেহ - Bodies of Nayan arrive in Nagaon

নয়ন আৰু নাই ৷ গাওঁবাসীক কন্দুৱাই নেদেখা দেশলৈ গ’ললৈ নয়ন ৷ স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াবহ দুৰ্ঘটনাত মৃত্যু হোৱা নয়ন বসুমতাৰীৰ মৃতদেহ (Bodies of Nayan arrive in Nagaon)৷ মৃতদেহ বাসগৃহ পোৱাৰ লগে লগেই কান্দোনৰ ৰোল উঠে গাঁওখনত ৷

Nayans dead body arrived home
গাঁওবাসীক কন্দুৱাই গ’লগৈ নয়ন; স্বগৃহ পালেহি নয়নৰ মৃতদেহ
author img

By

Published : Jul 23, 2022, 8:21 PM IST

নগাঁও, 23 জুলাই : এটা খবৰে থান বান কৰিলে এখন ঘৰ ৷ নয়ন আৰু নাই ৷ গাঁওবাসীক কন্দুৱাই নেদেখা দেশলৈ গ’ললৈ নয়ন ৷ শনিবাৰে স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াবহ দুৰ্ঘটনাত মৃত্যু হোৱা নগাঁৱৰ কন্দলী বৰকছাৰী গাঁৱৰ নয়ন বসুমতাৰীৰ মৃতদেহ (Bodies of Nayan arrive in Nagaon)৷ মৃতদেহ বাসগৃহ পোৱাৰ লগে লগেই কান্দোনৰ ৰোল উঠে গাঁওখনত ৷ মৰমৰ পুত্ৰক শেষবাৰৰ কাৰণে চাই কান্দোনত ভাগি পৰে নয়নৰ মাতৃ ৷

গাঁওবাসীক কন্দুৱাই গ’লগৈ নয়ন; স্বগৃহ পালেহি নয়নৰ মৃতদেহ

যোৱা 18 জুলাইত এখন প'ল' বাহনত তিনি বন্ধুৰ সৈতে নয়নে ফুৰিবলৈ গৈছিল অৰুণাচলৰ জিৰ’ পইণ্টলৈ । তাৰ পিছতেই ভয়াবহ দুৰ্ঘটনাত পতিত হৈ জিৰ' পইণ্টৰ পৰা 200 ফুট তলত পৰি যায় বাহনখন(Arunachal Pradesh Zero crash) ৷ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল নয়ন আৰু তেওঁৰ লগত যোৱা আন তিনিজন যুৱক । এই ঘটনাৰ তিনিদিনৰ পিছত অৰ্থাৎ শুকুৰবাৰে জিৰ’ পইণ্টৰ প্ৰায় 200 ফুট তলত NDRF বাহিনীয়ে উদ্ধাৰ কৰিছিল 4 যুৱকৰ মৃতদেহ (NDRF recovered bodies of four Assam youth) ৷

ইয়াৰ পাছতে শনিবাৰে স্বগৃহ পালেহি অৰুণাচলৰ জিৰ'ত ভয়াবহ দূৰ্ঘটনাত মৃত্যু হোৱা নগাঁৱৰ কন্দলী বৰকছাৰী গাঁৱৰ নয়ণ বসুমতাৰীৰ মৃতদেহ ৷

নগাঁৱৰ কঠিয়াতলীৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকতা কৰিছিল নয়নে ৷ লগতে বাইক ৰাইডিঙৰো চখ আছিল নয়নৰ ৷ নয়নৰ অকাল মৃত্যুত শোকত ভাগি পৰিছে বন্ধুবৰ্গৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷ ইফালে সমগ্ৰ গাঁওখনতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

লগতে পঢ়ক: Accident in Arunachal: অৰুণাচলৰ জিৰ’ পইণ্টৰ প্ৰায় দুশ ফুট তলত উদ্ধাৰ নগাঁৱৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.