কলিয়াবৰ,২৭মাৰ্চ: কলিয়াবৰত শনিবাৰে জাতীয় কৃষ্টি বিহুৰ দুগৰাকী সাধকক আনুষ্ঠানিকভাৱে প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী বঁটা (Kamal Chandra Mahanta Award )প্ৰদান কৰা হয় । কলিয়াবৰৰ প্ৰবীণ মুক্তিযোদ্ধা, সত্ৰাধিকাৰ শিক্ষক কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত, বৰলুইত কৃষ্টি বিকাশ কেন্দ্ৰ ব্যৱস্থাপনাত দুগৰাকী বিশিষ্ট বিহু গীতৰ শিল্পী ক্ৰমে কলিয়াবৰৰ কবীন ফুকন আৰু অসমৰ জনপ্ৰিয় বিহু শিল্পী বিপুল চেতিয়া ফুকনক ২০২১ আৰু ২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰা হয় (Artist Bipul Chetiya Phukan Felicited at Kaliabor)।
কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োগৰাকী শিল্পীকে পঁচিশ হাজাৰকৈ নগদ মাননী, জাপি গামোচা, অঙ্গবস্ত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয় । মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চৰ উদ্যোগত বৰলুইত কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ ব্যৱস্থাপনাত আৰু নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনী, জি এল পি চ'চিয়েল চাৰ্কোল আৰু ব্যতিক্ৰম মাচডোৰ সহযোগত আয়োজিত অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল বৰাই ।
ভাষণ প্ৰসংগত তেওঁ মুক্তিযোদ্ধা কমল চন্দ্ৰ মহন্তৰ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণৰ কিয়দাংশ আলোকপাত কৰে । বিৰাজ ভূষণ বৰাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপ-সভাপতি দয়ানন্দ বৰগোহাঁই, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।
ভাষণ প্ৰসংগত দয়ানন্দ বৰগোহাঁইয়ে কয় যে, বৰ্তমান সময়ত সমাজত কাম কৰা মানুহ কমি আহিছে । নিজৰ কৰ্মৰ প্ৰতি অৱহেলা এটা জাতিৰ বাবে শুভলক্ষণ নহয় । যিসকলে নতুন প্ৰজন্মক কৰ্মস্পৃহা জাগ্ৰত কৰিব পাৰে সেইসকলেই নিজ খৰ্মত অৱহেলা কাৰ পৰিলক্ষিত হৈছে । সঞ্জীৱ ফুকনে তেওঁৰ ভাষণ প্ৰসঙ্গত কয় যে, এটা ভাল কামেই এখন সমাজৰ আধাৰ । ভাল কামে জাতিটোক সুদীৰ্ঘ দিনলৈ জীয়াই ৰাখিব ।
লণ্ডন সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লাহৰী বৰঠাকুৰে কয় যে অসমীয়া ভিষাটো নতুন প্ৰজন্মক ভালদৰে শিকাই-বুজাই লোৱাৰ সময় আহিছে । তেওঁ লগতে কয়, বিদেশত থাকি অসমীয়া সংস্কৃতি ৰক্ষা কৰি আহিছোঁ । তেওঁ লগতে কয় এটা সুষ্ঠ সবল ভাষাই জাতিটোক জীয়াই ৰাখিব । অনুষ্ঠানত কণ্ঠশিল্পী সংগীতা কাকতি, তৃষ্ণা দেৱী, পদ্মনাভ বৰদলৈ । কমল চন্দ্ৰ মহন্তৰ জ্যেষ্ঠ পুত্ৰ স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আৰম্ভণিতে কমল চন্দ্ৰ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহন্তৰ সহধৰ্মিনী কাঞ্চন মহন্তই ।
অনুষ্ঠানত অভ্যাগতসকলক আদৰণি জনাই মণিমাধৱ মহন্তই । অনুষ্ঠানত সাংস্কৃতিক কৰ্মী হিৰু প্ৰসাদ মহন্ত, কমল গোস্বামী, প্ৰভাত গোস্বামী, হেমোধৰ হাজৰিকা, মৃণাল কুমাৰ হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ