ETV Bharat / state

ভয়াৱহ ভবিষ্যতঃ কলিয়াবৰত আৰ্চেনিকযুক্ত পানী

author img

By

Published : Jun 19, 2019, 2:55 PM IST

Updated : Jun 19, 2019, 3:22 PM IST

ডO দত্তই আৰ্চেনিকৰ ভয়াৱহতাৰ লগতে কিদৰে মৌলবিধ পানীৰ পৰা নিৰ্মূল কৰিব পাৰি সেই বিষয়ে এক পদ্ধতিগত পৰ্যালোচনা আগবঢ়াই । লগতে এক পইচাত এক লিটাৰ পানী আৰ্চেনিকমুক্ত কৰিব পাৰি বুলি ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজক অৱগত কৰে ৷

কলিয়াবৰত আৰ্চেনিকযুক্ত পানীৰ ভয়াবহতাৰ ইংগিত

নগাঁও, 19 জুনঃ কলিয়াবৰৰ পানীত আৰ্চেনিকৰ মাত্ৰাই কঢ়িয়াইছে ভয়াৱহতাৰ ইংগিত ৷ পানীৰ 24 টা নমুনাৰ পৰীক্ষাৰ অন্তত 17 টাতেই ধৰা পৰিছে আৰ্চেনিকৰ উপস্থিতি ৷ এই ভয়াবহতাৰ বিষয়ে বৃহত্তৰ কলিয়াবৰবাসীক সচেনত কৰিবলৈ মঙ্গলবাৰে পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড0 ৰবীন দত্ত সহ দুই গৱেষক ছাত্ৰই‌ । ড0 দত্তই আৰ্চেনিকৰ ভয়াবহতাৰ লগতে কিদৰে মৌলবিধ পানীৰ পৰা নিৰ্মূল কৰিব পাৰি সেই বিষয়ে এক পদ্ধতিগত পৰ্যালোচনা আগবঢ়াই । লগতে এক পইচাত এক লিটাৰ পানী আৰ্চেনিকমুক্ত কৰিব পাৰি বুলি ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজক অৱগত কৰে । সভাত কলিয়াবৰ মহকুমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ‍্য অভিযন্তা প্ৰতুল চৌধৰী, মহকুমা প্ৰশাসনীয় বিষয়া বাৰ্বী হাজৰিকা, প্ৰাক্তন অধ‍্যাপক প্ৰশান্ত শইকীয়া, মণিমাধৱ মহন্ত আৰু বিদ‍্যালয়ৰ বিজ্ঞান শিক্ষক নৃপেন শইকীয়াই বক্তব‍্য আগবঢ়াই । সকলোৱে একমুখে বিদ্যালয়ৰ এই পদক্ষেপৰ ভূয়ষী প্ৰশংসা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কলিয়াবৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ ব‍্যৱস্থাৰ বাবে আহ্বান জনাই ।

উল্লেখ্য যে, পানীত থকা মাত্ৰাধিক‍ আৰ্চেনিক নামৰ মৌলবিধৰ ফলত মানৱ দেহত কৰ্কট ৰোগৰ সৃষ্টি হ'ব পাৰে । অসমৰ বহু ঠাইৰ লগতে কলিয়াবৰ মহকুমাৰ পশ্চিম অঞ্চলৰ খোৱা পানীত এই মৌলবিধৰ উপস্থিতি ধৰা পৰিছে । বিশ্ব স্বাস্থ্য সন্থাৰ নিৰ্দ্ধাৰিত 10 পি পি বিৰ তুলনাত মাত্ৰাধিক আৰ্চেনিক ধৰা পৰাত কলিয়াবৰবাসীৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে । কলিয়াবৰস্থিত পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ক্ৰিয়েটিভ চায়েঞ্চ ক্লাৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰত সম্পাদন কৰা পৰীক্ষাত 24 টা নমুনাৰ 17 টাতেই আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে ৷

Intro:কলিয়াবৰৰ পানীত আৰ্চেনিকৰ মাত্ৰাধিক‍্যই কঢ়িয়াইয়াইছে ভয়াবহতাৰ ইঙ্গিত

পানীৰ ২৪ টা নমুনাৰ পৰীক্ষাৰ অন্তত ১৭ টাতেই ধৰা পযিছে আৰ্চেনিকৰ উপস্থিতি

খোৱা পানীত আৰ্চেনিকৰ নিৰ্মূলৰ সজাগতা সভাত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ‍্যালয়ৰ গৱেষকBody:পানীত থকা মাত্ৰাধিক‍্য আৰ্চেনিক নামৰ মৌলবিধৰ ফলত মানৱ দেহত ভায়াবহ ৰোগ কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। অসমৰ বহু ঠাইৰ লগতে কলিয়বৰ মহকুমাৰ পশ্চিম অঞ্চলৰ খোৱা পানীত এই মৌলবিধৰ উপস্থিতি ধৰা পৰিছে। বিশ্ব স্বাস্থ‍্য সন্থাৰ নিৰ্দ্ধাৰিত ১০ পি পি বিৰ তুলনাত মাত্ৰাধিক আৰ্চেনিক ধৰা পৰাত কলিয়াবৰবাসীৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। কলিয়াবৰস্থিত পশ্চিম কলিয়াবৰ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ ক্ৰিয়েটিভ চায়েঞ্চ ক্লাৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ‍্যালয়ৰ পৰীক্ষাগাৰত সম্পাদন কৰা পৰীক্ষাত ২৪ টা নমুনাৰ ১৭ টাতেই আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে। উক্ত ভয়াবহতাৰ বিষয়ে বৃহত্তৰ কলিয়াবৰবাসীক সচেনত কৰিবলৈ মঙ্গলবাৰে পশ্চিম পূৱথৰীয়া উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত এখনি সজাগতা।সভা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ‍্যালয়ৰ প্ৰাধ‍্যাপক ড০ ৰবীন দত্ত সহ দুই গৱেষক ছাত্ৰই‌। ড০ দত্তই আৰ্চেনিকৰ ভয়াবহতাৰ লগতে কিদৰে মৌলবিধ পানীৰ পৰা নিৰ্মূল কৰিব পাৰি সেই বিষয়ে এক পদ্ধতিগত পৰ্য‍্যলোচনা আগবঢ়াই। এক পইচাত এক লিটাৰ পানী আৰ্চেনিকমুক্ত কৰিব পাৰি বুলি ছাত্ৰ-ছাত্ৰী আৰু সমজুৱাক অৱগত কৰে। সভাত কলিয়াবৰ মহকুমাৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ মুখ‍্য অভিযন্তা প্ৰতূল চৌধৰী, মহকুমা প্ৰশাসনীয় বিষয়া বাৰ্বী হাজৰিকা, প্ৰাক্তন অধ‍্যাপক প্ৰশান্ত শইকীয়া, মণিমাধৱ মহন্ত আৰু বিদ‍্যালয়ৰ বিজ্ঞান শিক্ষক নৃপেন শইকীয়াই বক্তব‍্য আগবঢ়াই। সকলোৱে একমুখে বিদ‍্যালয়ৰ এই পদক্ষেপৰ ভূয়ষী প্ৰশংসা কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক কলিয়াবৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ ব‍্যৱস্থাৰ বাবে আহ্বান জনাই।Conclusion:visuals
bite
Last Updated : Jun 19, 2019, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.