নগাঁও, 24 আগষ্ট : বিৰোধী ঐক্যক লৈ পুনৰ এবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰিলে সভাপতি ভূপেন বৰাই ৷ বৃহস্পতিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই সন্দৰ্ভত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
ভূপেন বৰাই কয় যে, কংগ্ৰেছ অখিল গগৈৰ লগত ঐক্যবদ্ধ ভাবে আছে আৰু ঐক্যবদ্ধ ভাবে থাকিব ৷ ৰাজ্যৰ বিৰোধীৰ ঐক্যক INDIA বনাবলৈ চিন্তা কৰি আছে প্ৰদেশ কংগ্ৰেছে ৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাৰ নাম উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ লগত থকা ১২টা দলৰ ভিতৰত ৩ টা আঞ্চলিক দল আছে বুলিও মন্তব্য ভূপেন বৰাৰ ৷ এই ৩ টা আঞ্চলিক দলক INDIAৰ অন্তৰ্ভুক্ত হোৱাটোও বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰাই ৷
নেতাজনে কয় যে, বৰ্তমান কোনটো দলে বা কোন ব্যক্তিয়ে কোন সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেইটো ডাঙৰ কথা নহয় ৷ দিল্লীৰ পৰা মোদীৰ চৰকাৰ উফৰাই দিল্লীত INDIA ৰ চৰকাৰ গঠন কৰাটোহে মূল লক্ষ্য বুলিও মন্তব্য কৰে ভূপেন কুমাৰ বৰাই ৷ তেওঁ কয় যে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ অধিকাৰ আছে যোৰহাট সমষ্টি বিচৰাৰ ৷ এই সন্দৰ্ভত পৰৱৰ্তী সময়ত আলোচনা কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ ৷
অসম গণ পৰিষদেও বিজেপিৰ পৰা ৫ খন আসন বিচাৰি আছে যদিও বিজেপিয়ে অসম গণ পৰিষদক কেৱল ধুবুৰীৰ আসনখনহে এৰি দিব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ কংগ্ৰেছৰ লগত থকা ১২ দলেও লোকসভা নিৰ্বাচনৰ বাবে সমষ্টি বিচাৰিব তাৰ বাবে আপত্তি কৰিব লগীয়া একো নাই বুলি নগাঁৱত মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
লগতে পঢ়ক : Opposition Leader Debabrata Saikia : নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া;মুখ্যমন্ত্ৰীক কটাক্ষ