ETV Bharat / state

কলিয়াবৰত অন্ধবিশ্বাস বিৰোধী দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 2:16 PM IST

Updated : Dec 11, 2023, 2:47 PM IST

অসমৰ জনমানসত হেমকোষৰ প্ৰণেতাৰূপে স্বীকৃত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আছে অন্য এক পৰিচয় । কলিয়াবৰত ভাষাৰ ওজাৰ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন পালন । কলিয়াবৰ ইলোৰা মঞ্চৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস পালন ।

Anti-superstition day observed in Kaliabor
অন্ধবিশ্বাস বিৰোধী দিৱস পালন

অন্ধবিশ্বাস বিৰোধী দিৱস পালন

কলিয়াবৰ, ১০ ডিচেম্বৰ: ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে শনিবাৰে আয়োজন কৰা হয় অন্ধবিশ্বাস বিৰোধী দিৱস । ভাষাৰ ওজাগৰাকীৰ ১০ ডিচেম্বৰৰ জন্মদিনৰ প্ৰাকক্ষণত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মা ।

শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাৰ গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ'বলৈ আহ্বান জনাই । এক মনোগ্ৰাহী উপস্থাপনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজৰ লোকসকলক অন্ধবিশ্বাসৰ সৃষ্টি আৰু ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ পৰিত্ৰাণ বাবে সকলোকে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগ বাঢ়িবলৈ আহ্বান জনায় । প্ৰাৰম্ভতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে ।

তেওঁ কয় হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়-অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উচৰ্গা কৰিছিল এই জীৱন । সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম । বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি । ৰক্ষণশীল সমাজত আছিল কেৱল বাধা । তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল ।

লগতে তেওঁ কয় হেমচন্দ্ৰ বৰুৱা এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল । তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব । দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপণ হৈছিল । এই চিন্তাৰে ইলোৰা বিজ্ঞান মঞ্চয়ে জন্মলগ্নৰে পৰা চিকিৎসা বিজ্ঞানৰ সহায় হোৱাকৈ দেহদানৰ বাবে অসমীয়াৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে ।

যোৱা ২০০৫ চনৰ পৰা ভাষাবিদ গৰাকীৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ইলোৰা বিজ্ঞান মঞ্চই । ১৮৩৫ চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিৱ হেমচন্দ্ৰ বৰুৱাৰ । তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী । হেমচন্দ্ৰ বৰুৱাই নানা প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল ।

লগতে পঢ়ক: চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

Last Updated : Dec 11, 2023, 2:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.