ETV Bharat / state

পুনৰ জখলাবন্ধা আৰক্ষীৰ জালত চোৰাং চিকাৰী

author img

By

Published : Apr 20, 2021, 12:36 PM IST

সোমবাৰে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰা তিনি চোৰাং চিকাৰীক আটক কৰাৰ পাচত পুনৰ জখলাবন্ধা আৰক্ষীৰ জালত পৰিছে আন এটা চোৰাং চিকাৰী ৷ আটক হোৱা চোৰাং চিকাৰীটোৰ পৰা জব্দ কৰা হয় এখন ডিস্ক’ভাৰ মটৰ চাইকেল ।

poacher-trapped
জখলাবন্ধা আৰক্ষীৰ জালত চোৰাং চিকাৰী

কলিয়াবৰ,20 এপ্ৰিল : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় সুৰক্ষাৰ বাবে তীব্ৰতৰ হৈ উঠিছে বল বিভাগৰ অভিযান । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটাকৈ বনাঞ্চলত জখলাবন্ধা আৰক্ষী আৰু বাগৰি আৰক্ষীৰ তৎপৰতাত বিগত সময়চোৱাত চোৰাং চিকাৰী নিস্প্ৰভ হৈ আছে যদিও গঁড় হত্যাৰ বাবে এতিয়াও চোৰাং চিকাৰীৰ কেইবাটাও চক্ৰ সক্ৰিয় হৈ আছে ।

এই কথা প্ৰমাণ হৈছে আৰক্ষীৰ জালত পৰা চোৰাং চিকাৰীৰ ভাষ্যত । জখলাবন্ধা আৰক্ষীৰ ধাৰাবাহিক অভিযান কালত চাৰিটাকৈ চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয় । জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত অভিযানকাৰী আৰক্ষী দলে জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই মাৰণাস্ত্ৰসহ আটক কৰে তিনি চোৰাং চিকাৰীক ।

জখলাবন্ধা আৰক্ষীৰ জালত চোৰাং চিকাৰী

আটকাধীন চোৰাং চিকাৰী কেইটা হ’ল- নাগালেণ্ডৰ ডেনি ইয়প'থমি, ৰূপহীহাটৰ চাইদৰীয়াৰ আনোৱাৰ হুছেইন আৰু ৰূপহীহাটৰ 9 নং কাঠপাৰাৰ ৰফিকুল ইছলাম । চোৰাক চিকাৰী কেইটাৰ পৰা চাইলেঞ্চাৰসহ এটা থ্ৰী-নট-থ্ৰী ৰাইফল আৰু 10 ৰাউণ্ড থ্ৰী-নট-থ্ৰী ৰাইফলৰ গুলী জব্দ কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰে তিনিটা ম'বাইল ফোন ।

কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনাৰ কৰা এই তিনি চোৰাং চিকাৰীৰ আনোৱাৰ হুছেইনক 2019 বৰ্ষতো আটক কৰিছিল আৰক্ষীয়ে । তিনি চোৰাং চিকাৰীয়ে জখলাবন্ধা আৰক্ষীৰ জেৰাত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে নিশাৰ ভাগত নগাঁৱৰ আমনিৰ পৰা আৰু এজন সহযোগী চোৰাং চিকাৰীক আটক কৰে জখলাবন্ধা আৰক্ষীয়ে । গঁড় হত্যাৰ সৈতে জড়িত বাহাৰুল ইছলামক আমনিৰ পৰা আটক কৰে জখলাবন্ধা আৰক্ষীয়ে । চোৰাং চিকাৰীটোৰ সৈতে আৰক্ষীয়ে জব্দ কৰে A-AS-02-J-4490 নম্বৰৰ এখন ডিস্ক’ভাৰ মটৰ চাইকেল ।

লগতে পঢ়ক : ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.