ধিং, ১৫ জানুৱাৰী: ধিং নগৰৰ মধ্যগলিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । বিধ্বংসী জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল ৭ খন দোকান । শুক্ৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলক সাক্ষাৎ কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ।
লগতে ব্যৱসায়ীসকলে যাতে পুনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ বাবে সহায়-সহযোগিতা আগবঢ়াৱ বুলিও আশ্বাস দিয়ে বিধায়িকাগৰাকীয়ে । উল্লেখ্য যে, বৃহস্পতিবাৰৰ অগ্নিকাণ্ডত ৫০ লাখৰো অধিক টকাৰ সা-সম্পত্তি জ্বলি ছাৰখাৰ হৈছিল । কাপোৰৰ দোকান, গেলামাল দোকান মণিহাৰী দোকানসহ মুঠ ৭ খন দোকান সম্পূৰ্ণৰূপে জাহ যায় ।
লগতে পঢ়ক:মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী