ETV Bharat / state

Arunodaya Cheque distribution: অৰুণোদয় বঞ্চিত হিতাধিকাৰীয়ে বিধায়কৰ ওচৰত উজাৰিলে ক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:48 PM IST

নগাঁৱতো অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ । পিছে উক্ত অনুষ্ঠানতে লাগিল কেৰোণ । বিধায়ক জিতু গোস্বামীৰ সন্মুখতেই ক্ষোভ উজাৰিলে অৰুণোদয় বঞ্চিত হিতাধিকাৰীয়ে। মেম্বাৰৰ ওপৰত দোষ জাপিলে বিধায়ক জিতু গোস্বামীয়ে ।

Anger of arunodaya deprived beneficiaries in Nagaon
অৰুণোদয় বঞ্চিত হিতাধিকাৰীয়ে বিধায়কৰ ওচৰত উজাৰিলে ক্ষোভ

নগাঁও,১২ অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে নগাঁৱতো অৰুণোদয় ২.০ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । নগাঁৱৰ নেহেৰুবালিত কেইবা সহস্ৰাধিক মহিলাক বিতৰণ কৰা হয় অৰুণোদয় ২.০ আঁচনিৰ চেক । মন্ত্ৰী কেশৱ মহন্ত, নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীকে আদি কৰি ভালেসংখ্যক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানৰ ।

পিছে ইয়াৰ মাজতে লাগিল অথন্তৰ । বিধায়ক জিতু গোস্বামীৰ সন্মুখতেই ক্ষোভ উজাৰিলে বঢ়মপুৰ সমষ্টিৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে । নগাঁৱৰ নেহেৰুবালিত মহিলা সকলক অৰুণোদয় ২.০ আচনিৰ সাহায্য প্ৰদানৰ বাবে বৃহস্পতিবাৰে আয়োজিত অনুষ্ঠানত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । সেই সময়ত এই অনুষ্ঠানৰ মুখ্য অতিথিৰ সৈতে উপস্থিত থকা বিধায়ক জিতু গোস্বামীৰ সন্মুখতেই গোস্বামীৰ সমষ্টিৰ মহিলাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ।

অনুষ্ঠান চলি থকাৰ মাজতে আঁচনি বঞ্চিত মহিলা কেইগৰাকীয়ে মঞ্চৰ কাষতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । মহিলা কেইগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁলোকে অৰুণোদয় আঁচনিয়েই নহয়, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ পৰাও বঞ্চিত হৈছে । দীৰ্ঘদিন ধৰি স্থানীয় পঞ্চায়ত প্ৰতিনিধিকে ধৰি বিভিন্নজনৰ ওচৰত আবেদন নিবেদন কৰিও কোনো ফল পোৱা নাই বুলি ক্ষোভ উজাৰে । পিছত অৱশ্যে মহিলা কেইগৰাকীক মঞ্চৰ কাষৰ পৰা আৰক্ষীয়ে আঁতৰাই নিবলৈ সক্ষম হয় ।

পিছত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নিজৰ দায় সাৰিবলৈ সংবাদ মাধ্যমৰ আগত এয়া পঞ্চায়ত সদস্যৰ ভুলৰ বাবে হোৱা বুলি মন্তব্য প্ৰকাশ কৰে । পঞ্চায়ত সদস্যই যদি অৰুণোদয় আঁচনিত নাম তালিকাভুক্ত কৰাৰ বিনিময়ত হিতাধিকাৰীৰ পৰা ধন বিচাৰে বা অনিয়ম কৰে তেনে পঞ্চায়ত সদস্যসকল জেললৈ যাব লাগিব বুলি সকিয়াই দিয়ে বিধায়ক জিতু গোস্বামীয়ে ।

লগতে পঢ়ক: Arunodaya Cheque distribution in Barpeta: বৰপেটাত অৰুণোদয়ৰ চেক বিতৰণ ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.