ETV Bharat / state

কঠিয়াতলীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ

author img

By

Published : Jun 14, 2022, 6:22 PM IST

বঢ়মপুৰৰ কঠিয়াতলীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তীব্ৰ প্ৰতিবাদ (Anganwadi worker and helpers protest in Bahrampur)। প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে কঠিয়াতলী সংহত শিশু বিকাশ প্ৰকল্পৰ কাৰ্যালয় । বিভিন্ন দাবীৰে সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ কঠিয়াতলী প্ৰকল্প বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ ।

Protest
কঠিয়াতলীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদ

বঢ়মপুৰ,১৪ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ অব্যাহত আছে (Anganwadi worker and helpers protest)। কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন ধৰণৰ দাবীত এই প্ৰতিবাদ দীৰ্ঘদিন ধৰি চলি আহিছে । গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

এইবাৰ নগাঁও জিলাৰ কঠিয়াতলী সংহত শিশু বিকাশ প্ৰকল্পৰ কাৰ্যালয় উত্তাল কৰি তুলিলে জিলাখনৰ একাংশ অংগনবাড়ী কৰ্মী আৰু সহায়িকাই (Anganwadi worker and helpers protest in Bahrampur)। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থাই কেইবাটাও দাবী উত্থাপন কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে আৰু সমাজ কল্যাণ বিভাগৰ সঞ্চালকলৈ কঠিয়াতলী প্ৰকল্প বিষয়াৰ জৰিয়তে বিভিন্ন দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মূল দাবী সমূহ হৈছে অৱসৰকালীন কৰ্মীক ৪ লাখ টকা আৰু সহায়িকাক ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা, অৱসৰৰ বয়সৰ সীমা ৬৫ বছৰলৈ বৃদ্ধি কৰা আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি গ্ৰেচুইটি প্ৰদান কৰা (Demand of Anganwadi worker and Helpers) ৷

প্ৰতিবাদৰ জৰিয়তে কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ এই দীৰ্ঘদিনীয় সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় । দাবীসমূহ শীঘ্ৰে পূৰণ নহ'লে ৰাজ্যজুৰি ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ।

লগতে পঢ়ক :ন্যায্য প্ৰাপ্তিৰ দাবীত গোৱালপাৰাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.