ETV Bharat / state

বটদ্ৰৱা সমষ্টিৰ পৰা আঞ্চলিক গণ মৰ্চাৰ হৈ কোনে কৰিব প্ৰতিদ্বন্দিতা ? - বিধানসভা নিৰ্বাচন

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আঞ্চলিক দলসমূহৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিষয়টো চৰ্চালৈ আহিছে । নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ পৰা আঞ্চলিক গণ মৰ্চাৰ হৈ কোনে প্ৰতিদ্বন্দিতা কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । আঞ্চলিক গণ মৰ্চাই সমষ্টিটোত লাচিত বৰদলৈক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । শেহতীয়াকৈ এক সংবাদমেল সম্বোধন কৰি বৰদলৈয়ে প্ৰত্যাহ্বান জনালে বৰ্তমানৰ বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক ।

বটদ্ৰৱাত আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল
বটদ্ৰৱাত আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল
author img

By

Published : Feb 3, 2021, 4:16 PM IST

ধিং, ৩ ফেব্ৰুৱাৰী: আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আঞ্চলিক ৰাজনৈতিক দলসমূহে । সমান্তৰালভাৱে নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিতো ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ চলাইছে । ইতিমধ্যে, সমষ্টিটোত আঞ্চলিক গণ মৰ্চা দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা এসময়ৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ নেতা লাচিত বৰদলৈয়ে বটদ্ৰৱা সমষ্টিত বিভিন্ন সভা-সমিতিত অংশ লৈ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

বটদ্ৰৱাত আঞ্চলিক গণ মৰ্চাৰ সংবাদমেল

আঞ্চিলক গণ মৰ্চাই সম্বোধন কৰা এক সংবাদমেলত নেতা গৰাকীয়ে সমষ্টিটোৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতা ডেকাক প্ৰত্যাহ্বান জনাই কয় যে, আগন্তুক নিৰ্বাচনত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থীক সমষ্টিটোৰ পৰা জয়ী কৰাৰ বাবে ৰাইজ একত্ৰিত হৈছে । বিজেপি দলক 'সাম্প্ৰদায়িক' আখ্যা দি তেওঁ কয় যে, বিজেপিক পৰাভূত কৰিবলৈ ইতিমধ্যে কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি এম, আঞ্চলিক গণ মৰ্চাই এক মহাজোঁট গঠন কৰিছে । এই মহাজোঁট একমাত্ৰ বিজেপিক পৰাভূত কৰিবলৈ গঠন হৈছে বুলি মন্তব্য কৰে লাচিত বৰদলৈয়ে ।

তেওঁ লগতে কয় যে, মহাজোঁটৰ পৰা যদি তেওঁ প্ৰাৰ্থীত্ব লাভ কৰে তেন্তে তেওঁ আশাবাদী যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বটদ্ৰৱা সমষ্টিত প্ৰাৰ্থীত্ব নিদিয়ে । কাৰণ, তেওঁলোকৰ উদ্দেশ্য হৈছে বিজেপিক পৰাভূত কৰা । আনহাতে, সমষ্টিটোৰ বিজেপি দলৰ বিধায়িকা আঙুৰলতা ডেকাই কয় যে, এনে মহাজোঁটে বিজেপি দলক কোনো ক্ষতি কৰিব নোৱাৰে । তেওঁ বটদ্ৰৱা সমষ্টিত পুনৰ বিধায়িকাৰ আসন দখল কৰিব পাৰিব বুলি দাবী কৰে ।

উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌতম বৰাই ৪০,৪৫৮টা ভোট লাভ কৰিছিল । একেদৰে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী নাজিৰ উদ্দিন আহমেদে ৩৮,০২২টা ভোট লাভ কৰিছিল । অৰ্থাৎ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মুঠ ৭৮,৪৮০টা ভোট লাভ কৰিছিল আৰু আঙুৰলতা ডেকাই ৪৬,৩৪৩টা ভোট লাভ কৰি জয়ী হৈছিল । এনে পৰিপ্ৰেক্ষিতত বৰ্তমানৰ বিধায়িকাগৰাকী যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া নিশ্চিত ।

লগতে পঢ়ক:ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.