ETV Bharat / state

আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি - নগাঁৱৰ আৰক্ষী অধীক্ষক

ড্ৰাগছৰ ঘাটিত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীকো। নগাঁৱত ড্ৰাগছকে ধৰি বিভিন্ন অৰাধৰ ঘাটিত এতিয়া কঁপনি তুলিছে আনন্দ মিশ্ৰৰ যোগদানে।

আনন্দ মিশ্রই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি
আনন্দ মিশ্রই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি
author img

By

Published : May 19, 2021, 6:07 PM IST

Updated : May 19, 2021, 6:15 PM IST

নগাঁও, 19মে’: নগাঁও আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই অপৰাধীৰ নিদ্ৰা হৰণ কৰিছে আই পিছ এছ বিষয়া আনন্দ মিশ্ৰই । যোগদান কৰাৰ প্ৰথম দিনাই জনসেৱা আৰম্ভ কৰিয়ে দ্বিতীয় দিনাই ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ।

ড্ৰাগছৰ ঘাটিত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়ীকো । ড্ৰাগছকে ধৰি বিভিন্ন অৰাধৰ ঘাটিত এতিয়া কঁপনি তুলিছে আনন্দ মিশ্ৰৰ যোগদানে।

নিজৰ কৰ্মদক্ষতাৰে ইতিমধ্যেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা আনন্দ মিশ্ৰ মঙলবাৰৰ পৰা নগাঁৱৰ আৰক্ষী অধীক্ষক। নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰৰ যোগদাননে নগাঁৱৰ এটা মহলক আনন্দিত কৰাৰ বিপৰীতে নিদ্ৰা হৰিছে অপৰাধ মহলৰ ।

আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ড্ৰাগছৰ ঘাটিতো ইতিমধ্যে বৰভূঁইকপৰ দৰেই কঁপনিৰ সৃষ্টি কৰিছে আনন্দ মিশ্রৰ যোগদানে । নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে যোগদান কৰিয়েই মঙলবাৰে নগাঁৱত আৱদ্ধ কেৰেলাৰ শতাধিক বাছ চালক আৰু হেণ্ডিমেনক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ পিছতেই আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ।

ইপিনে বুধবাৰে পুৱাই নগাঁৱৰ কদমনিত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায় আৰক্ষী অধীক্ষক আনন্দ মিশ্রই । নগাঁও আৰক্ষীৰ এটা দলক লগত লৈ কদমনি বজাৰৰ সমীপৰ চিৰাজুল ইছলামৰ ঘৰত হঠাৎ অভিযান চলায় নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে । নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক কল্যান কুমাৰ দাসৰ লগতে দলটোক নেতৃত্ব দিছিল খোদ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ।

অৱশ্যে অভিযান চলি থকা সময়তহে উপস্থিত হয় স্থানীয় বটদ্ৰৱা আৰক্ষী । আৰক্ষীৰ এই অভিযানত চিৰাজুল ইছলামৰ ঘৰৰ পৰা ১৩৬ গ্ৰাম হেৰ'ইন, ১২ পেকেট ব্ৰাউন চুগাৰৰ লগতে নগদ ধনও জব্দ কৰিবলৈ সক্ষম হয় ।

ধৃত চিৰাজুল বিৰুদ্ধে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল । একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা নগাঁৱক ড্ৰাগছ মুক্ত কৰাৰো অংগীকাৰ কৰিলে এছ পি আনন্দ মিশ্ৰই।

নগাঁৱৰ ড্ৰাগছৰ ঘাটি সমূলাঞ্চে উৎখাত কৰিবলৈ নগাঁওবাসীৰ সহযোগিতা বিচাৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । মুঠৰ ওপৰত নগাঁৱত আনন্দ মিশ্রৰ যোগদানে যে অপৰাধীৰ ঘাটিত এতিয়া কঁপনিৰ সৃষ্টি কৰিছে সেয়া একপ্ৰকাৰ নিশ্চিত। আই পি এছ আনন্দ মিশ্রৰ নেতৃত্বত নগাঁও হৈ পৰক অপৰাধমুক্ত মুক্ত এখন জিলা। আমিও কৰিছোঁ এই কামনা ।

লগতে পঢ়কঃ অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

Last Updated : May 19, 2021, 6:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.