ETV Bharat / state

আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

author img

By

Published : Jun 7, 2021, 8:57 PM IST

সম্প্ৰতি ৰাজ্যজুৰি চৰ্চাত দুগৰাকী আইপিএছ বিষয়া ৷ দুয়োগৰাকী বিষয়াৰ নেতৃত্বত চলি আছে ব্যাপক অভিযান । এগৰাকী বিষয়াৰ নেতৃত্বত গ্ৰেপ্তাৰ হৈছে এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু আন এগৰাকীৰ নেতৃত্বত আটক হৈছে এগৰাকী সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক । তাৰ মাজতে জনপ্ৰিয় এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে এনআইএ তদন্তৰ দাবী জনাইছে বিজেপি নেতাই । এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

IPS Anand Mishra আইপিএছ অভিজিৎ গুৰাৱ
ৰাজ্যজুৰি চৰ্চাত দুগৰাকী আই পি এছ বিষয়া

নগাঁও, 7 জুন : নিজৰ কৰ্মদক্ষতাৰ বাবেই এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চিত হৈছে দুগৰাকী আইপিএছ বিষয়াৰ নাম । এগৰাকী ধুবুৰীৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱ আৰু আনজন বৰ্তমানৰ নগাঁৱৰ এছ পি আনন্দ মিশ্ৰ । ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰম্ভ কৰি আনন্দ মিশ্ৰই লাভ কৰে বৃহৎ সফলতা । সম্প্ৰতি ধাৰাবাহিক অভিযান চলাই ব্যাপক চৰ্চা লাভ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

একে সময়তে ধুবুৰীত যোগদান কৰা নগাঁৱৰ পূৰ্বৰ এছ পি অভিজিৎ গুৰাৱেও ধুবুৰীত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ উপৰিও শেহতীয়াকৈ বিভিন্ন ছিণ্ডিকেটৰ সৈতে থকাৰ অভিযোগত ধুবুৰীৰ এগৰাকী ডি এছ পি পৰ্যায়ৰ বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অসম আৰক্ষীত কৰ্মৰত উপ-আৰক্ষী অধীক্ষকক গ্ৰেপ্তাৰ কৰাক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক চর্চা । ধুবুৰীত ছিণ্ডিকেটেৰ সৈতে জড়িত থকাৰ অভিযোগত উপ-আৰক্ষী অধীক্ষক গ্ৰেপ্তাৰ হোৱাৰ পাচত এইবাৰ আনন্দ মিশ্রৰ জালত পৰিছে এগৰাকী এ এছ আই । নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গিয়াছ উদ্দিনৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই লাভ কৰিছে ধনৰ লেন দেন কৰাৰ অভিযোগ; লাভ কৰিছে এটা অডিঅ ক্লিপো । দেওবাৰে সন্ধিয়া আৰক্ষী বিষয়া গিয়াছ উদ্দিনক কৰ্তব্যৰ পৰা অব্যাহতি দি তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । বৰ্তমান ধনৰ লেন দেন হোৱা সন্দৰ্ভত অভিযুক্ত আৰক্ষী বিষয়া গিয়াছ উদ্দিনক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

আই পি এছ বিষয়া আনন্দ মিশ্রৰ পূৰ্বৰ কৰ্মস্থলী ধুবুৰীত উপ-আৰক্ষী অধীক্ষক গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে অভিজিৎ গুৰাৱৰ পূৰ্বৰ নগাঁৱৰ এগৰাকীক সহকাৰী উপ-পৰিদৰ্শক আটক হোৱা বিষয়টোয়েও লাভ কৰিছে ব্যাপক চর্চা । ইয়াৰ মাজতে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ এটা টুইটে সৃষ্টি কৰিছে জোকাৰণিৰ । ৰাজ্যজুৰি জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বিৰুদ্ধে এন আই এ তদন্ত বিচাৰি সামাজিক মাধ্যমত পোষ্ট কৰিছে বিজেপি ৰমেন ডেকাই । এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে আনন্দ মিশ্রৰ বিৰুদ্ধে প্ৰয়োজন আছে নেকি তদন্তৰ ? নে অধিক জনপ্ৰিয়তাই কাল হৈছে আই পি এছ আনন্দ মিশ্ৰৰ । সকলো বিষয় এতিয়া কোন দিশত গতি কৰে সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: মুছলমান ৰাইজক ধলপুৰ শিৱ মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.