ETV Bharat / state

বাবু দাসৰ বিৰুদ্ধে ডেৰ কোটি টকা সংগ্ৰহৰ অভিযোগ

গ্ৰাম্য স্বাস্থ্য কৰ্মী নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ ৷ বাবু দাস নামৰ লোকজনে স্বাস্থ্য কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ ৷ মুঠ ডেৰ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাসৰ বিৰুদ্ধে ৷

author img

By

Published : Jul 8, 2019, 6:30 PM IST

বাবু দাসৰ বিৰুদ্ধে ডেৰ কোটি টকা সংগ্ৰহৰ অভিযোগ

নগাঁও, 8 জুলাই : স্বাস্থ্য বিভাগত চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৷ গ্ৰাম্য স্বাস্থ্য কৰ্মী নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাস নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে । ১৯৭৭ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য ৰক্ষা আঁচনিৰ অধীনত নিযুক্তি দিয়া হৈছিল ১৮ হাজাৰৰো অধিক স্বাস্থ্য কৰ্মী ৷ কিন্তু 1986 চনত বন্ধ হৈছিল আঁচনিখন ৷ তাৰ পাচৰ পৰ্যায়ত স্বাস্থ্য কৰ্মীসকলে আঁচনিখন পুনৰ প্ৰৱৰ্তনৰ বাবে বিভিন্ন দাবী উত্থাপন কৰিছিল ৷ সেই সময়তে বাবু দাস নামৰ লোকজনে স্বাস্থ্য কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ ৷ চাকৰি নিয়মীয়াকৰণৰ লগতে ইতিমধ্যে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ লোককো বাবু দাসে দিছিল নিযুক্তিৰ আশ্বাস । তাৰ বাবে এন জি অ’ৰ কাৰ্যালয় বহুৱাৰ নামত সমগ্ৰ অসমৰ স্বাস্থ্য কৰ্মীসকলৰ পৰা পৰা মুঠ ডেৰ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ বাবু দাসৰ বিৰুদ্ধে ৷ এই সন্দৰ্ভত ভুক্তভোগী কৰ্মচাৰীসকলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি লিখিত অভিযোগ দিয়াত বাবু দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Intro:স্বাস্থ্য বিভাগত চাকৰি নিয়মীয়াকৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ বাবু দাস নামৰ এজন লোকৰ বিৰুদ্ধে। বন্ধ হৈ থকা গ্ৰাম্য স্বাস্থ্য কৰ্মী নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা কোন এই বাবু দাস। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অভিযোগ স্বাস্থ্য কৰ্মী সন্থাৰ।

Body:কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এটা আঁচনি। নাম ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য ৰক্ষা আঁচনি । ১৯৭৭ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত নিযুক্তি দিয়া হৈছিল ১৮ হাজৰৰো অধিক স্বাস্থ্য কৰ্মী। ১৯৮৫ চনৰ পৰাই বন্ধ হৈ থকা এই আঁচনিৰ অধীনত থকা স্বাস্থ্য কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ নামত শেহতীয়াকৈ ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছে স্বেচ্ছাসেৱী সংগঠনৰ এজন ব্যক্তি। বাবু দাস নামৰ এজন লোকে ১৮ সহস্ৰাধিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ নামত প্ৰতিজনৰ পৰা সংগ্ৰহ কৰি আহিছে ৫ হাজাৰকৈ টকা। উল্লেখযোগ্য যে ২০১৩ চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনত এইসকল কৰ্মচাৰীক মাননি হিচাপে দিয়া হৈছিল এককালীন ৬ হাজাৰকৈ টকা। সেই সময়তে কাৰ্বি আংলং জিলাৰ জনৈক বাবু দাস নামৰ লোকজন আগবাঢ়ি আহিছিল এইসকল কৰ্মচাৰীক সহায়ৰ বাবে। চাকৰি নিয়মীয়াকৰণৰ লগতে ইতিমধ্যে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ লোককো দিছিল নিযুক্তিৰ আশ্বাস। এই সন্দৰ্ভত ভুক্তভোগী কৰ্মচাৰীসকলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি লিখিত অভিযোগ দিয়াত বাবু দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীয়ে।
bite.

Conclusion:স্বাস্থ্য বিভাগত চাকৰি নিয়মীয়াকৰণৰ লগতে নিযুক্তিৰ নামত কোটি টকা সংগ্ৰহ কৰা বাবু দাসৰ বিৰুদ্ধে চৰকাৰে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
--------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-৭-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.