ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ কামত অনিয়মৰ অভিযোগ

author img

By

Published : Jun 24, 2021, 11:01 PM IST

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি(Pradhan Mantri Gram Sadak Yojana Scheme)ৰ কামত অনিয়মৰ অভিযোগ উত্থাপন হৈছে । ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়(Ministry of Rural Development, Government of India)ৰ পুঁজিৰ দ্বাৰা প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে কামপুৰ কঠিয়াতলী পথৰ পৰা কঁঠালগুৰিৰ আপাৰ বৰগাঁও লালুংগাঁও সংযোগী পথটোৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Pradhan Mantri Gram Sadak Yojana
প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোঁজনা আঁচনিৰ কামত অনিয়মৰ অভিযোগ

বঢ়মপুৰ, 24 জুন : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনি(Pradhan Mantri Gram Sadak Yojana Scheme) জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বাটপথ উন্নীতকৰণৰ কাম হাতত লৈছে ৷ কিন্তু এই আঁচনিৰ অধীনত কামপুৰত পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ কঠিয়াতলী পথৰ পৰা কঁঠালগুৰি সংযোগী নিৰ্মাণ হোৱা ২ কি:মি: দৈৰ্ঘৰ পথটোৰ নিৰ্মাণৰ কামত কোটি টকা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়(Ministry of Rural Development, Government of India)ৰ পুঁজিৰ দ্বাৰা প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে কামপুৰ কঠিয়াতলী পথৰ পৰা কঁঠালগুৰিৰ আপাৰ বৰগাঁও লালুংগাঁও সংযোগী পথটোৰ নিৰ্মাণৰ কামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ কিন্তু পথ নিৰ্মাণৰ কিছুদিন পাচতে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবে পথটো জহি খহি গৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । সম্প্ৰতি অঞ্চলটোৰ ৰাইজ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ ধ্ৰুৱজ্যোতি বৰগোঁহাইৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৷

পথটোৰ বিভিন্ন স্থানত চি চি ব্লক এৰাই যহি খহি গৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে পথটো ৷ যাৰ বাবে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ ঠিকাদাৰ ধ্ৰুৱজ্যোতি বৰগোঁহাইয়ে কণা হাঁহক পতান দিয়াৰ দৰে পথটো নিৰ্মাণ কৰাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে নিজৰ মইমতালিৰে পথটো নিৰ্মাণ কৰাৰ বাবেই পথটোৰ এনে দূৰৱস্থা ৷ আনহাতে, পথটো নিৰ্মাণ কাৰ্য চোৱাৰ দায়িত্বত গড়কাপ্তানী বিভাগৰ আছিল যদিও বৰ্তমান কুম্ভকৰ্ণ নিদ্ৰাত গড়কাপ্তানী বিভাগ ৷ নতুন চৰকাৰ গঠন হোৱাৰ পাচৰে পৰা ৰাজ্যক দুৰ্নীতিমুক্ত কৰাৰ কথা কৈ আহিছে ৷

এতিয়া ব্যাপক অনিয়ম সংঘটিত কৰি নিৰ্মাণ কৰা পথটোৰ ঠিকাদাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে(State Government) কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সৰভোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.