ETV Bharat / state

Tense situation at Kampur: ফচল বীমা যোজনাৰ নামত ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Jun 6, 2022, 4:41 PM IST

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা এইখন চৰকাৰৰ দিনতে সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্নীতি । এইবাৰ পঞ্চায়তে পঞ্চায়তে ওলাইছে দুৰ্নীতিৰ শিপা । প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা(Pradhan Mantri Fasal Bima Yojana)ৰ প্ৰ-পত্ৰ পূৰণৰ নামত অবাধে সংগ্ৰহ কৰিছে ৫০০ টকাকৈ ৷ এই অভিযোগ উত্থাপন কৰিছে কামপুৰৰ একাংশ লোকে ৷

corruption in filling up of pradhan mantri fasal bima yojana form
কামপুৰৰ বকুলগুৰিত উত্তেজনা: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ নামত ধন সংগ্ৰহৰ অভিযোগ

বঢ়মপুৰ,৬ জুন: কামপুৰৰ বকুলগুৰিত উত্তেজনা । কঠিয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত বকুলগুৰি গাঁও পঞ্চায়তত গাঁওসভা চলি থকাৰ মাজতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ (Tense situation at Kampur)। বকুলগুৰি পঞ্চায়তৰ জীৱিকা সখী হুছনাৰা বেগমে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰ-পত্ৰ পূৰণৰ নামত অবাধে ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ (Pradhan Mantri Fasal Bima Yojana) ।

জীৱিকা সখী হুছনাৰা বেগমে আব্দুল কুদ্দুছ আৰু আব্দুল চামাৰ নামৰ আন দুজন ব্যক্তিৰ সহযোগত পঞ্চায়তটোৰ বহু দৰিদ্ৰ লোকৰ পৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰ-পত্ৰ পূৰণ কৰি দি ৫০০ টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে (Corruption in Bakulguri Panchayat) । এই সন্দৰ্ভত হুছনাৰা বেগম, আব্দুল কুদ্দুছ আৰু আব্দুল চামাৰৰ বিৰুদ্ধে বকুলগুৰি পঞ্চায়তৰ গাঁওসভাত প্ৰস্তাৱ গ্ৰহণ কৰি নগাঁও জিলাৰ উপায়ুক্ত, কৃষি বিষয়া, কামপুৰ ৰাজহ চক্ৰ বিষয়া, আৰক্ষী অধীক্ষৰ ওচৰত ৰাইজে লিখিত অভিযোগ দাখিল কৰে ৷

উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কঠিয়াতলি খণ্ডৰ অন্তৰ্গত গাৰোখুন্দা আৰু কচুৱাৰ জীৱিকা সখীয়েও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰতিখন প্ৰ-পত্ৰ পূৰণৰ নামত ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল । সেই বাতৰি সংবাদ মাধ্যমত সবিস্তাৰে সম্প্ৰচাৰো হৈছিল । ইয়াৰ পাছতেই কামপুৰৰ স্থানীয় ৰাইজে বকুলগুৰিৰ জীৱিকা সখী হুছনাৰা বেগমৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক: বিক্ৰী কৰিবলৈ আহিছিল গঁড়ৰ খৰ্গ; সোমাল ৰঙাঘৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.