নগাঁও ,18 জুন: নগাঁৱৰ পূজাবাড়ী ও নাট্য মন্দিৰ সমিতিৰ বিৰুদ্ধে চি আই ডিত গোচৰ তৰিব নৱনিৰ্বাচিত পৰিচালনা সমিতিয়ে। বৃহস্পতিবাৰে এখন সংবাদ মেলাৰ আয়োজন কৰি এই কথা জনাইছে নৱনিৰ্বাচিত পৰিচালনা সমিতিয়ে। লগতে পূৰ্বৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চিত্ত পালৰ বিৰুদ্ধে কেবাটাও অভিযোগ উত্থাপন কৰে নৱনিৰ্বাচিত সভাপতিয়ে।
অভিযোগ অনুসৰি পূৰ্বৰ সভাপতি চিত্ত পালে পূজাবাড়ী ও নাট্যমন্দিৰৰ কোনো হিচাপ দাখিল কৰা নাই ৷ গতিকে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নাট্য মন্দিৰ সমিতিৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিয়ে ।
উল্লেখ্যে যে,মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীক অহা পোন্ধৰ দিনৰ ভিতৰত সকলো হিচাপ দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে নৱনিৰ্বাচিত পৰিচালনা সমিতিয়ে। পোন্ধৰ দিনৰ ভিতৰতে হিচাপ দাখিল নকৰিলে চি আই ডি, বি আই ই অ' আৰু নগাঁও আৰক্ষী অধীক্ষকক লিখিত পত্ৰ দিয়াৰ কথা উল্লেখ কৰে নৱনিৰ্বাচিত সভাপতি কাৰ্তিক সাহাই।
লগতে পঢ়কঃ দৰঙত পুনৰ দুজন কৰ’ণাত আক্ৰান্ত