ৰূপহীহাট,30 মাৰ্চ: ৰূপহীহাটৰ কাৱৈমাৰীত বিজেপি নেতাৰ বিৰুদ্ধে পৰস্ত্ৰীক প্ৰলোভন দি অবৈধ সম্পৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ আজিবুৰ ৰহমান নামৰ বিজেপিৰ পালিনেতাজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ পালিনেতা গৰাকীয়ে অসৎ চৰিতাৰ্থ পূৰাবলৈ গৈ সোমালহি ৰঙাঘৰত ৷
পালিনেতাজনে এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । ইফালে বিজেপিৰ পালিনেতাজনক হাতে-লোটে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । আৰক্ষীয়ে অভিযুক্ত আজিবুৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: কলগাছিয়াৰ চেনিমাৰীত চুৰিকাণ্ড