কলিয়াবৰ, 24 জুন : বিগত বছৰটোৰ পৰাই কালৰূপ ধাৰণ কৰা কৰ'ণাই হাজাৰজনক কৰিলে কৰ্মহীন ৷ বহিঃৰাজ্যত কৰ্মৰত হাজাৰ হাজাৰ লোক স্ব-গৃহলৈ উভতি অহাত ৰাজ্যত নিবনুৱা সমস্যাই লৈছে একপ্ৰকাৰ ভয়াৱহ ৰূপ ৷ এনে সংকটময় পৰিৱেশৰ মাজতে কলিয়াবৰৰ এজন যুৱকে দেখুৱাইছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন ৷
ৰাজ্যত আংশিক লক ডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে শাকমুঠীয়া বাগান অঞ্চলৰ আলেক্স কুমাৰ নামৰ এজন যুৱকে হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ ঘৰতে থাকি আলেক্সে প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ সোৱাদৰ চকলেট ৷ যি সময়ত দেশ তথা ৰাজ্যৰ বৃহৎ বৃহৎ উদ্যোগৰ লগতে ক্ষুদ্ৰ উদ্যোগসমূহ প্ৰায় বন্ধ হ'বলৈ ধৰিছে, তেনে সময়তে যুৱকজনে অনলাইনৰ জৰিয়তে দিল্লীৰ এক প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষণ লাভ কৰি নিজ ঘৰতে গঢ়ি তুলিছে এই ক্ষুদ্ৰ উদ্যোগটো ৷
ইতিমধ্যে বাণিজ্য বিভাগৰ স্নাতক আলেক্সৰ কাৰখানাত উৎপাদিত চকলেটে দখল কৰিছে অনলাইন বজাৰ যাৰ দ্বাৰা তেওঁ লাভ কৰিছে ব্যৱসায়িক সফলতা । বিভিন্ন আকাৰত আৰু সোৱাদত প্ৰস্তুত কৰা এই চকলেটে অনলাইন বজাৰ দখল কৰাত স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে আলেক্সে ৷ ৰাজ্যৰ যুৱক-যুৱতীলৈ আলেক্সৰ আহ্বান, হাতত থকা ম'বাইলটো মনোৰঞ্জনৰ আহিলা হিচাপে নলৈ সঠিক দিশত ব্যৱহাৰ কৰিলে স্বাৱলম্বী হোৱাৰ বহু পথেই পোৱা যায় ৷
লগতে পঢ়ক: চাউলত গণেশৰ ছবি অংকণ কৰি বিশ্ব অভিলেখ ডিফুৰ জীয়ৰীৰ