ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ AJYCP ৰ নগাঁও সমিতিৰ

কনিষ্ঠ মহাবিদ্যালয়ত সংঘটিত অনিয়মৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ নগাঁও সমিতিৰ । এখন উচ্চস্তৰীয় কমিটি গঠন কৰি কনিষ্ঠ মহাবিদ্যালয়বোৰৰ শৈক্ষিক দিশ পৰ্যালোচনা কৰিবলৈ দাবী জনায় সংগঠনটোৱে । নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এই দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ।

author img

By

Published : Jun 16, 2021, 11:26 AM IST

AJYCP submitted memorandum to Chief minister
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ AJYCPৰ নগাঁও সমিতিৰ

নগাঁও, ১৬ জুন : একাংশ কনিষ্ঠ মহাবিদ্যালয়(Junior college)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) । কনিষ্ঠ মহাবিদ্যালয়সমূহৰ শৈক্ষিক তথা আন্তঃগাঁথনিৰ দিশটো পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ দাবী জনাই সংগঠনটোৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

বুধবাৰে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এই স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, শেহতীয়াকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ দয়ানন্দ বৰগোহাঁইয়ে একাংশ কনিষ্ঠ মহাবিদ্যালয়ৰ শৈক্ষিক দিশ তথা পৰীক্ষাৰ মাপকাঠি আৰু কাঠফুলাৰ দৰে অসমৰ চুকে-কোণে গঢ় লৈ উঠা শৈক্ষিক প্ৰতিষ্ঠান সন্দৰ্ভত বহু অভিযোগ উত্থাপন কৰিছিল ।

এই বিষয়ক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে । বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে কয় যে, এটা টেলিভিছন চেনেলত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সদ্য প্ৰাক্তন অধ্যক্ষ ড৹ বৰগোঁহাইয়ে একাংশ জুনিয়ৰ কলেজৰ মইমতালি, শৈক্ষিক ক্ষেত্ৰত অনিয়ম তথা মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি আদি বিষয়ত অনা অভিযোগসমূহ অতি ভয়ংকৰ আৰু এই অভিযোগসমূহ যদি সঁচা হয়, তেন্তে অসমৰ শৈক্ষিক সমাজখন বৰ্তমান ধ্বংসৰ কৰাল গ্ৰাসত বুলি ঠাৱৰ কৰিব পাৰি ।

ড° বৰগোহাঁইয়ে কোৱাৰ দৰে যদি কনিষ্ঠ মহাবিদ্যালয়সমূহে এনেকুৱা অনিয়ম, দুৰ্নীতি চলাই আছে তেন্তে তাৰ পৃষ্ঠপোষকতা কোনে কৰিছে, অসমৰ চুকে-কোণে গঢ়ি উঠা কলেজৰ সৰু সৰু কেম্পাছ নিৰ্মাণ কৰিবলৈ জিলাৰ ঊৰ্ধতন শিক্ষা বিষয়াসকলে অনুমতি কেনেকৈ দিলে আৰু সংশ্লিষ্ট পৌৰসভা সভাবোৰে দেখিও নেদেখাৰ ভাও কিয় জুৰিলে বুলি প্ৰশ্নৰ অৱতাৰণা কৰে । তাৰোপৰি ড° বৰগোহাঁইয়ে নিজৰ কাৰ্যকালত এনেকুৱা দুৰ্নীতি দেখিও কিয় নিমাত হৈ আছিল বুলিও নেতাদ্বয়ে উভতি ধৰে ।

সমগ্র বিষয়টোত জিলাৰ ঊৰ্ধ্বতন শিক্ষা বিষয়াৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বহু বিষয়া-কৰ্মচাৰী জড়িত থকাৰ কথা উলাই কৰিব নোৱাৰি বুলিও নেতাদ্বয়ে আশংকা ব্যক্ত কৰিছে । সেয়ে এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পোনপটীয়া হস্তক্ষেপ দাবী কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । শীঘ্ৰে এখন উচ্চস্তৰীয় কমিটি গঠন কৰি তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে । স্মাৰক পত্ৰখনৰ প্ৰতিলিপি অসমৰ শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে বুলি সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিছে ।

লগতে পঢ়ক: ডিমা হাছাওৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.