ETV Bharat / state

বামুনী মিকিৰ গ্ৰাণ্টৰ ঘটনা সন্দৰ্ভত নগাঁৱত দল-সংগঠনৰ ক্ষোভ প্ৰকাশ

author img

By

Published : Jan 1, 2021, 10:54 PM IST

বঢ়মপুৰৰ মিকিৰ বামুণী গ্ৰান্টৰ কৃষকৰ ভূমি সুৰক্ষিত কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । সংবাদমেল যোগে মিকিৰ বামুণী গ্ৰান্টত সংঘটিত ঘটনাক গৰিহণা সংগঠনটোৰ ৷

bamuni mikir grant
bamuni mikir grant

নগাঁও,1 জানুৱাৰী : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ আমদাং গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষি ভূমিৰ পৰা থলুৱা কৃষকক উচ্ছেদ কৰিব খোজা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে এইসকল কৃষকক উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিব খুজিছে সেই স্থানত ৷ বামুণী মিকিৰ গ্ৰান্টৰ মহিলা আৰু কৃষকৰ ওপৰত যোৱা ২৯ ডিচেম্বৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে অমানুষিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে ৷ শুকুৰবাৰে নগাঁৱত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নিখিল ভাৰত কৃষক সভা আৰু অসম ৰাজ্যিক কৃষক সভা ।

বামুনী মিকিৰ গ্ৰাণ্টৰ ঘটনা সন্দৰ্ভত নগাঁৱত দল-সংগঠনৰ ক্ষোভ প্ৰকাশ

সংগঠন কেইটাই নগাঁৱত সংবাদমেল সম্বোধন কৰি এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কৃষকৰ ভূমি সুৰক্ষিত কৰাৰ দাবী জনায়। উল্লেখ্য যে, অসম চৰকাৰৰ অনুমোদন সাপেক্ষে আজু পাৱাৰ প্লেণ্ট কোম্পানীয়ে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বঢ়মপুৰৰ সমীপৰ হায়ংথল আমদাং গাঁৱত সৌৰ শক্তিৰে উৎপাদিত বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ কাম চলাই আহিছে । এনে কাৰ্যত অসন্তুষ্ট হৈ বামুণী মিকিৰ গ্ৰান্টৰ কৃষক সকলে ন্যায়ালয়ৰ কাষ চাপে যদিও ‌থলুৱা কৃষকৰ ভূমি বহিৰাগত কোম্পানীটোৱে বলপূৰ্বকভাৱে দখল কৰে ।

এনে কাৰ্যৰ বিৰোধিতা কৰিয়েই অঞ্চলটোৰ কৃষক সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । ইফালে এই সন্দৰ্ভত পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণৰ বাবে আগন্তুক ৫ জানুৱাৰীত নাগৰিক সভাও অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : নতুন বছৰৰ পহিলা দিনটোতেই সদ্য গেৰুৱা বসন পিন্ধা অজন্তা নেওগে ব্যক্ত কৰিলে মনৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.