নগাঁও, 17 নৱেম্বৰ : অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক একত্ৰিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(AJYCP on Akhil Gogoi) । ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ৷
আনহাতে, কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে কয় যে, কৃষক নেতা অখিল গগৈক ভয় কৰি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে । যাৰবাবে অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক : জৰা ফুকা নহয় এইবাৰ একেটা কাপত পানীয় সেৱন কৰিলে আজমল বাহিনীয়ে