চামগুৰি,২০ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ পুৰণিগুদামৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত শনিবাৰে সন্ধিয়া উপস্থিত হয় সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰ । তেওঁৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মহেশ্বৰ গগৈও । পুৰণিগুদাম আঞ্চলিক সমিতিৰ সাংগঠনিক কাৰ্যনিৰ্বাহক বৈঠকত (AJYCP Organizational Executive Meeting at Puranigudam) অংশগ্ৰহণ কৰে ছাত্ৰ নেতা দুজনে । ইফালে বৈঠকৰ পাছতে চৰকাৰক তীব্ৰ সমালোচনা কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰৰ ।
পানীৰ দৰত বহিৰাগত বণিয়াৰ হাতত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ ভূমি তুলি দিয়াৰ অভিযোগ উত্থাপন কৰি মৃদুল তালুকদাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । শেহতীয়াকৈ টেট শিক্ষকসকলৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা স্থিতিকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তালুকদাৰে । মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত শিক্ষামন্ত্ৰী গৰাকীৰ কোনো ভ্যেলু নাই বুলি অভিযোগ কৰে তালুকদাৰে ।
ছাত্ৰ নেতাগৰাকীৰ দাবী ৰাইজৰ দান-বৰঙণিৰ বাহিৰে কোনো ভয়-ভাবুকিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চান্দা সংগ্ৰহ নকৰে । ইয়াৰ বিপৰীতে বিজেপিয়েহে ভয়-ভাবুকি-প্ৰলোভনেৰে চান্দা সংস্কৃতি চলাই থকাৰ অভিযোগ কৰে নেতাগৰাকীয়ে । শিক্ষানুষ্ঠানত বিহু আৰু স্বদেশ অধ্যয়নৰ পাঠ্যক্ৰম প্ৰকৃততে সংশ্লিষ্ট কতৃপক্ষই অন্তৰ্ভুক্ত কৰে নে নকৰে সেই বিষয়ে ছাত্ৰ সংগঠনটোৱে তীক্ষ্ণ নজৰ ৰাখিব বুলিও সকীয়াই দিয়ে কেন্দ্ৰীয় যুটীয়া সম্পাদক মৃদুল তালুকদাৰে ।
লগতে পঢ়ক:বিজেপি নেতা-কৰ্মীক বান্দৰৰ সৈতে তুলনা- বিজেপি জনজাতি মৰ্চাক প্ৰত্যুত্তৰ এপিএইছএলচিৰ