ETV Bharat / state

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা পৰজীৱী উদ্ভিদঃ AIUDF

ৰূপহীহাট সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাত ৷ বিধায়ক নুৰুল হুদাক পৰজীৱী উদ্ভিদ আখ্যা এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সম্পাদক নুৰ আমিন চৌধুৰীৰ ৷

AIUDF Reaction On Upcoming Election
ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা পৰজীৱী উদ্ভিদঃ AIUDF
author img

By

Published : Sep 17, 2020, 7:25 PM IST

নগাঁও, 17 ছেপ্তেম্বৰ : যি সময়ত সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত ৰাজনৈতিক মহলত চৰ্চা হৈছে তেনে সময়তে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত নিৰ্বাচনকেন্দ্ৰিক সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা পৰজীৱী উদ্ভিদঃ AIUDF

বুধবাৰে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক পৰজীৱী উদ্ভিদ আখ্যা দিলে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সম্পাদক নুৰ আমিন চৌধুৰীয়ে ৷ জুৰীয়া বগৰীগুৰিত ৰূপহীহাট সমষ্টিৰ এ আই ইউ ডি এফৰ এখন মহিলা মৰ্চাৰ সাধাৰণ সভাত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নুৰুল আমিন চৌধুৰীয়ে বৰ্তমানৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাক পৰজীৱী উদ্ভিদ আৰু শিক্ষাহীন আখ্যাৰে তীব্ৰ সমালোচনা কৰে ।

উল্লেখ্য যে, ৰূপহীহাট সমষ্টিত বুধবাৰে প্ৰায় 80 শতাংশ কংগ্ৰেছকৰ্মী এ আই ইউ ডি এফত যোগদান কৰিছে ৷

লগতে পঢ়ক : মৃত্যুৰ পূৰ্ৱে নিজৰ সকলো অংগ বিক্ৰি কৰিব বিচাৰিছে অসহায় যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.