নগাঁও,16 ডিচেম্বৰ : নগাঁৱত আগৰ উৎপাদনেৰে চলিছে অৰ্থনৈতিক বিপ্লৱ ৷ শিক্ষিত নিবনুৱাক প্ৰশিক্ষণ দিয়া হয় এই আছাম এৰোমাছ নামৰ আগৰ উৎপাদন প্ৰতিষ্ঠানটোত ৷ দীৰ্ঘদিনৰ পৰা আগৰ ব্যৱসায়ৰে নীৰৱ অৰ্থনৈতিক বিপ্লৱ কৰি অহা এই প্ৰতিষ্ঠানটোৱে নগাঁৱতে স্থাপন কৰা কাৰখানাত উৎপাদন হয় আন্তঃৰাজ্যিক বজাৰৰ অতি মূল্যৱান সুগন্ধি আগৰ । বিশ্বৰ বিভিন্ন প্ৰান্তত বিশাল ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হোৱা আছাম এৰোমাছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তাজুল ইছলাম বক্সিয়ে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰটো গৱেষণা কৰি আৰম্ভ কৰিছে সাঁচি গছৰ খেতিৰ লগতে আগৰ উৎপাদনৰ ।
নগাঁও চহৰৰ মাজমজিয়াৰ ফৌজদাৰী পট্টিত কাৰখানা স্থাপন কৰাৰ উপৰিও নগাঁও কাৰ্বি আংলং সীমান্তত কৰিছে সাঁচি গছৰ খেতি । শিক্ষিত নিবনুৱাক সাঁচি গছৰ পুলি যোগান ধৰাৰ লগতে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে প্ৰতিষ্ঠানটোৱে। ইতিমধ্যে অসমৰ লগতে বহিঃৰাজ্য আৰু ভূটানৰ বহু লোককো প্ৰশিক্ষণ দিছে এই প্ৰতিষ্ঠানটোৱে। সুগন্ধি আগৰ উৎপাদনৰ পিছত পেলনীয়া অংশৰে ধূপকাঠী উৎপদনৰো ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানৰ স্বতাধিকাৰীয়ে।
আৰু পঢ়ক : নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি