ETV Bharat / state

চৰকাৰে পুনৰ গোচৰ জাপি নিদিলে জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুকলি হ'ব অখিল গগৈ

author img

By

Published : Dec 30, 2020, 5:32 PM IST

জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা কৃষক নেতা অখিল গগৈৰ । চৰকাৰে পুনৰ গোচৰ জাপি দিয়াৰো সম্ভাৱনা আছে অখিল গগৈৰ বিৰুদ্ধে । নগাঁৱত মন্তব্য কৰিলে অখিল গগৈৰ গোচৰত জড়িত অধিবক্তা কৃষ্ণ গগৈয়ে ।

advocate_bite_on_akhil_gogoi
চৰকাৰে পুনৰ গোচৰ জাপি নিদিলে জানুৱাৰীৰ প্ৰথম সপ্তাহতে মুকলি হ'ব অখিল গগৈ

নগাঁও, 30 ডিচেম্বৰ: 'কা' আন্দোলনত জড়িত হৈ বিগত এটা বছৰে কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে কৃষক নেতা অখিল গগৈৰ । 'নিয়া'ৰ এটা গোচৰত ইতিমধ্যেই অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও চানমাৰী থানাৰ এটা গোচৰত সম্প্ৰতি কৰাবন্দী হৈ আছে অখিল গগৈ ।

ইপিনে 'নিয়া'ৰ এটা গোচৰত লাভ কৰা জামিন নাকচ কৰিবলৈ 'নিয়া'ই পুনৰ আবেদন জনাইছে বুলি উল্লেখ কৰে অখিল গগৈৰ গোচৰত জড়িত অধিবক্তা কৃষ্ণ গগৈয়ে । অৱশ্যে চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে পুনৰ গোচৰ জাপি দিয়াৰো সম্ভাৱনা আছে বুলি আশংকা ব্যক্ত কৰিছে অধিবক্তা কৃষ্ণ গগৈয়ে । চৰকাৰে পুনৰ গোচৰ জাপি দিলে অখিল গগৈৰ মুক্তিৰ বাট বন্ধ হোৱাৰো আশংকা কৰিছে অধিবক্তাগৰাকীয়ে ।

'কা' আন্দোলনৰ নেতৃত্ব দি কাৰাবন্দী হোৱা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ পিছতো কাৰমুক্তি নোহোৱা অখিল গগৈৰ মুক্তি কেতিয়া ? এয়াই এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷
লগতে পঢ়ক: 31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মহাৰাষ্ট্ৰৰ লক ডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.