ETV Bharat / state

76 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আটক হ’ল অভিনেতা বিৰিঞ্চি বৰা

সমগ্ৰ দেশজুৰি উলহ মালেহেৰে উদযাপন কৰা হৈছে 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) । দেশে স্বাধীনতা লাভ কৰা 75 টা বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো নিজকে পৰাধীন বুলি অনুভৱ কৰিলে শিৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অভিনেতা বিৰিঞ্চি বৰাই । স্বাধীনতা দিৱসৰ পুৱাই আটক বিৰিঞ্চি বৰাক । মুকলি হৈয়েই সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ অভিনেতা বিৰিঞ্চি বৰা ।

76th Independence day of India
76 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আটক অভিনেতা বিৰিঞ্চি বৰা
author img

By

Published : Aug 15, 2022, 7:28 PM IST

Updated : Aug 15, 2022, 7:42 PM IST

নগাঁও, 15 আগষ্ট : নগাঁৱৰ বিৰিঞ্চি বৰা । কেইদিনমান পূৰ্বে শিৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক হোৱা নগাঁৱৰ ননৈৰ যুৱকজনেই বিৰিঞ্চি বৰা । নগাঁও আৰক্ষীয়ে পুনৰ আটক কৰিলে বিৰিঞ্চি বৰাক । 76 সংখ্যক স্বাধীনতা দিৱসৰ পুৱাই নগাঁও থানাৰ আলহী হ’ল বিৰিঞ্চি বৰা ।

যি সময়ত 75 বছৰীয়া স্বাধীনতা দিৱস (76th Independence day of India) উপলক্ষে অতি উলহ মালহেৰে উদযাপন কৰা হৈছে আজাদী কী অমৃত মহোৎসৱ । ঘৰে ঘৰে উত্তোলন হৈছে ত্ৰিৰংগ পতাকা । সকলোৱে ওলাই আহি মুক্তমনে উদযাপন কৰিছে 76 সংখ্যক স্বাধীনতা দিৱস । এনে সময়তে চৰকাৰৰ বিৰুদ্ধে সদা সষ্টম হৈ থকা অভিনেতা বিৰিঞ্চি বৰাই স্বাধীনতা দিৱসৰ দিনটো কটাবলগীয়া হ’ল আৰক্ষী থানাৰ ভিতৰত ।

স্বাধীনতা দিৱসৰ পুৱাই পতাকা ক্ৰয় কৰি ঘৰলৈ যোৱাৰ পথতে প্ৰথমে জেৰা কৰে ননৈ আৰক্ষীৰ এটা দলে । পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ এটা দল অভিনেতা বিৰিঞ্চি বৰাৰ বাসগৃহত উপস্থিত হৈ গভাইত অপৰাধীৰ দৰে আটক কৰে বিৰিঞ্চি বৰাক । অৱশ্যে দুপৰীয়া ভাগলৈ মুকলি কৰি দিয়ে অভিনেতা বিৰিঞ্চি বৰাক ।

লগতে পঢ়ক : জাতীয় পতাকাক অৱহেলা নকৰিবলৈ ৰাইজক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষী থানাৰ পৰা মুকলি হৈয়েই শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে অভিনেতাগৰাকীয়ে । আৰক্ষী থানাৰ পৰা মুকলি হোৱাৰ পিছত নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে বিৰিঞ্চি বৰা । নগাঁও আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈয়ে আটক কৰাক লৈ ক্ষুণ্ণ হৈ পৰে অভিনেতাগৰাকী ।

76 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আটক অভিনেতা বিৰিঞ্চি বৰা

অৱশ্যে পূৰ্বেও মহাদেৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰায়েই সৰৱ হৈ থকা বিৰিঞ্চি বৰাই স্বাধীনতা দিৱসৰ দিনাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব কৰিব বুলি সন্দেহত আৰক্ষীয়ে আটক কৰা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

উল্লেখ্য যে, 76 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পৰা বঞ্চিত হ’ল বিৰিঞ্চি বৰা - এই মন্তব্য বিৰিঞ্চি বৰাৰ । লগতে তেওঁ স্বাধীন দেশৰ নাগৰিক হৈও আজি পৰাধীন যেন অনুভৱ হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । আনকি বিজেপি চৰকাৰে শাসনৰ নামত দমন নীতি চলোৱা বুলিও অভিযোগ উত্থাপন কৰে অভিনেতা বিৰিঞ্চি বৰাই ।

লগতে পঢ়ক : সশস্ত্ৰ সংগঠনসমূহক মূলসূঁতিলৈ ঘূৰি অহাৰ আহ্বান প্ৰমোদ বড়োৰ

Last Updated : Aug 15, 2022, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.