নগাঁও, 18 ছেপ্তেম্বৰ: নগাঁৱত ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে খাইৰুল ইছলাম নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ নগাঁৱৰ জুৰীয়াৰ জেঙনীত সহস্ৰাধিক লোকে উত্তম-মধ্যম শোধায় 5 সন্তানৰ পিতৃ খাইৰুলক ৷
ৰাইজৰ অভিযোগ অনুসৰি, এমাহ পূৰ্বে চলাহী কথাৰে ফুচুলাই খাইৰুলে গাঁৱৰ এগৰাকী মহিলাক ধৰ্ষণ কৰিছিল ৷ ইয়াৰ লগতে মহিলা গৰাকীৰ বোৱাৰীয়েককো ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷
ভুক্তভোগী মহিলা গৰাকীয়ে অভিযুক্ত খাইৰুলৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানা আৰু নগাঁও ফৌজদাৰী আদালতত দাখিল কৰিছিল অভিযোগ আৰু এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে খাইৰুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷
গোচৰ ৰুজু হোৱাৰ পাচৰ পৰাই এঠাইৰ পৰা আন ঠাইলৈ পলায়ন কৰি ফুৰিছিল খাইৰুলে । ইমান দিনে পলাই ফুৰাৰ পাচত বৃহস্পতিবাৰে পুৱাই হঠাৎ গাঁওখনত বুকু ফিন্দাই ঘূৰি ফুৰিছিল অভিযুক্ত খাইৰুলে ।
গাঁওখনত খাইৰুলক দেখা পাই উত্তেজিত ৰাইজে খেদি খেদি কৰায়ত্ত কৰাৰ লগতে উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে । আৰক্ষীয়ে খাইৰুলক আটক কৰি থানালৈ লৈ যোৱাৰ পাছতে অঞ্চলবাসী ৰাইজে যেন পেলাইছে স্বস্তিৰ নিঃশ্বাস ৷
লগতে পঢ়ক: মৰাণৰ সাংস্কৃতিক শিল্পী জীৱন ঘৰফলীয়াক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ