ETV Bharat / state

SI Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ বাহনৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকৰ আত্মসমৰ্পণ - চানিয়ানা ট্ৰেন্সপৰ্ট কৰ্পৰেচন

মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ বাহনৰে দুৰ্ঘটনাত পতিত কন্টেইনাৰ ট্ৰাকখনৰ চালকে বৃহস্পতিবাৰে নিশা আত্মসমৰ্পণ কৰে ৷ অৱশ্যে জখলাবন্ধা আৰক্ষী নে চিআইডিৰ ওচৰত ট্ৰাকখনৰ চালকে আত্মসমৰ্পণ কৰিলে সেয়া বৰ্তমানো স্পষ্টকৈ জানিব পৰা হোৱা নাই ৷

SI Junmoni Rabha mysterious death
জোনমণি ৰাভাৰ বাহনৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকৰ আত্মসমৰ্পণ
author img

By

Published : May 19, 2023, 10:11 AM IST

কলিয়াবৰ, 19 মে’ : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ বাহনৰে দুৰ্ঘটনা সংঘটিত কৰা কন্টেইনাৰ ট্ৰাক চালকজনে বৃহস্পতিবাৰে নিশা জখলাবন্ধা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে (SI Junmoni Rabha's death) ৷ চানিয়ানা ট্ৰেন্সপৰ্ট কৰ্পৰেচন নামৰ পৰিবহন প্ৰতিষ্ঠানটোত কৰ্মৰত সুমিত কুমাৰ পাল নামৰ চালকজনৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পাচৰে পৰা কোনো শুংসূত্ৰ নাছিল । অৱশেষত বৃহস্পতিবাৰে নিশা ভাগত জখলাবন্ধা আৰক্ষী ওচৰত UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ চালকজনে আত্মসমৰ্পণ কৰে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

সূত্ৰটোৰ মতে চানিয়ানা ট্ৰেন্সপৰ্ট কৰ্প'ৰেচনৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে দিনৰ ভাগত নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিছিল । প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই চালকজনৰ আত্মসমৰ্পণ কৰাক লৈ আৰক্ষীয়ে যোগাযোগ কৰা বুলি জানিব পৰা হৈছে ৷ ইফালে অভিযুক্ত চালক সুমিত কুমাৰ পালে চিআইডিৰ ওচৰতহে আত্মসমৰ্পণ কৰিছে বুলি আন এটা পক্ষই দাবী কৰে ।

উল্লেখ্য যে, সোমবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (SI Junmoni Rabha ) ৷ আৰক্ষী বিষয়াগৰাকীয়ে AS 01 EN 7273 নম্বৰৰ ব্যক্তিগত বাহনখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে কলিয়াবৰৰ সৰুভগীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰ বেগী কন্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ৷ ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাক জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

ইয়াৰ পাচতেই জোনমণিৰ মৃত্যুক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জোনমণিৰ মাতৃ তথা পৰিয়ালৰ লোকেও তেওঁৰ মৃত্যুক লৈ বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ মাজতে বিগত তিনিদিনত তেওঁৰ মৃত্যুক লৈ নিতৌ পোহৰলৈ আহিছে ন ন তথ্য ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷ কিন্তু এই সময়চোৱাত চালকজনৰ বিষয়টো আৰক্ষী তথা চিআইডিয়ে এৰাই চলিবলৈ যত্ন কৰি আছিল । এই পৰ্য‍ন্ত চালকজনৰ কোনো নিশ্চিত তথ‍্য নাই যদিও আত্মসমৰ্পণৰ পাছত চালকজনক গ্ৰেপ্তাৰ কৰাৰ কথা পোহৰলৈ আহিছে ।

লগতে পঢ়ক: Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্ক সন্দৰ্ভত মত প্ৰকাশৰ পৰা বিৰত এছ পি দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.