নগাঁও, ২৯ জুন : চূড়ান্ত ৰায়ৰ দিশে আগবাঢ়িছে দেশ কঁপোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া (Abhi Neel murder trial)। নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলি থকা অভি-নীল হত্যাকাণ্ডৰ (Abhi Neel murder case) গোচৰৰ বুধবাৰে শুনানি গ্ৰহণ কৰে ন্যায়াধীশে । বুধবাৰে অভি-নীল হত্যাকাণ্ডৰ আন এগৰাকী অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছিল তদানীন্তন আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসে । জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ সন্দৰ্ভত আদালতে সাক্ষ্য গ্ৰহণ কৰে যতীন চন্দ্ৰ দাসৰ । অৱশ্যে বুধবাৰে সম্পূৰ্ণ হোৱা নাই তদন্তকাৰী আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া । এই পৰ্য্যন্ত ৬৯ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত । অভি-নীল হত্যাকাণ্ডৰ মুঠ ৭১ জন সাক্ষীৰ ৬৯ জনৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত আৰক্ষী বিষয়া যতীন চন্দ্ৰ দাসৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ।
উল্লেখ্য যে, সাত দিন পৰ্যন্ত সাক্ষ্য গ্ৰহণৰ পিছত সম্পূৰ্ণ হৈছিল আন এগৰাকী অনুসন্ধানকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাসৰ সাক্ষ্য গ্ৰহণ । বুধবাৰৰ পৰা আৰম্ভ হোৱা যতীন চন্দ্ৰ দাসৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত আন এগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ সম্পূৰ্ণ হ'লেহে চূড়ান্ত হ'ব অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ।
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত গুৱাহাটীৰ নিলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই যুৱকক একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল । যি ঘটনাই সমগ্ৰ ৰাজ্যতেই নহয়, দেশজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক :কলগাছিয়াত আমছু নেতাৰ আক্ৰমণত আহত এটা পৰিয়ালৰ তিনি সদস্য