ETV Bharat / state

স্বামীৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ আহ্বান পত্নীৰ

নগাঁৱৰ পুৰণিগুদামৰ এগৰাকী ব্যক্তিৰ দুয়োটা কিডনী সম্প্ৰতি বিকল ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি অৱনী ভূঞা শয্যাশায়ী হৈ পৰা হেতুকে পৰিয়ালটো তীব্ৰ অৰ্থ সংকটত ভূগিছে ৷ ব্যক্তিগৰাকীৰ চিকিৎসাৰ বাবেও পৰিয়ালটোৰ ওচৰত নাই ধন ৷ সেয়ে অৱনী ভূঞাৰ পত্নীয়ে সদাশয় ৰাইজৰ সহায় বিচাৰি আহ্বান জনাইছে ৷

abani bhuyan needs financial help
স্বামীৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা পত্নী
author img

By

Published : Jul 31, 2021, 7:19 PM IST

চামগুৰি, 31 জুলাই : এগৰাকী অসহায় মহিলা ৷ দোকানে দোকানে বিচাৰিছে সহায়ৰ হাত ৷ কোনোবাই দিছে যদি 50 টকা, আন কোনোবাই দিছে 100 টকা ৷ এই দৃশ্য পৰিলক্ষিত হৈছে নগাঁৱৰ পুৰণিগুদামত ৷

মহিলাগৰাকীয়ে সহায় বিচাৰি নিতৌ আহে ব্যৱসায়ীসকলৰ ওচৰলৈ ৷ এটিয়ে মাথো আশা ৷ জানোচা কোনো সদাশয় ব্যক্তিয়ে সহায় কৰে মহিলাগৰাকীক ৷ মহিলাগৰাকী হৈছে পুৰণিগুদামৰ ৰংদাই চুকৰ অৱনী ভূঞা নামৰ এগৰাকী ব্যক্তিৰ পত্নী ৷

abani bhuyan needs financial help
স্বামীৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ আহ্বান পত্নীৰ

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী অৱনী ভূঞা এক জটিল ৰোগত আক্ৰান্ত ৷ চিকিৎসকে পৰিয়ালক অৱগত কৰা অনুসৰি অৱনী ভূঞাৰ বিকল হৈছে দুয়োটা কিডনী ৷ কিডনীৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে পৰিয়ালটোক এতিয়া প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰাশি ৷

অৰ্থৰ অভাৱত বিগত কেইবা মাহ ধৰি গুৱাহাটীৰ এখন চিকিৎসালয়ৰ বিচনাত দিন কটাবলগা হৈছে ব্যক্তিগৰাকী ৷ পেচাত ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কৰ্মৰত অৱনীৰ পৰিয়ালৰ হাতত চিকিৎসাৰ বাবে নাই এটাও ফুটাকড়ি ৷ কেৱল থকা ভেটিটোৰ বাদে মাটি-সম্পত্তি বুলিবলৈ একোৱে নাই দৰিদ্ৰ পৰিয়ালটোৰ ৷ যাৰ ফলত বিপাঙত পৰিছে পৰিয়ালটো ৷

স্বামীৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা পত্নী

সেয়ে উপায়ন্তৰ হৈ অৱনীৰ পত্নীয়ে কাষ চাপিছে পুৰণিগুদামৰ ব্যৱসায়ীসকলৰ ৷ অৱশ্যে ক্ষুদ্ৰ ব্যৱসায়ীসকলেও পাৰ্যমানে আৰ্থিক সহায় আগবঢ়াইছে পৰিয়ালটোক ৷ কিন্তু সেয়া যথেষ্ঠ নহয় ৷ বৰ্তমানেও পৰিয়ালটোক প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰাশি ৷

গতিকে অসহায় মহিলাগৰাকীয়ে দল-সংগঠন তথা সুহৃদয়জনক সাধ্য অনুসাৰে অৰ্থদান কৰি স্বামীক নতুন জীৱন দান কৰিবলৈ আহ্বান জনাইছে ৷ তদুপৰি এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সহায়ৰো আহ্বান জনাইছে ৰোগীগৰাকীৰ পত্নীয়ে ৷

লগতে পঢ়ক: দুই পুৰুষৰ মাজত সংঘাতৰ কাৰণ এগৰাকী মহিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.