ETV Bharat / state

AAP protest in Nagaon : ফেকু চাহৰ দোকান দি নগাঁৱত আপৰ প্ৰতিবাদ - ৰন্ধন ছিলেণ্ডাৰৰ মূল্যবৃদ্ধি

নগাঁৱত আম আদমী পাৰ্টীৰ অভিনৱ প্ৰতিবাদ । নগাঁও কলেজ পইণ্টত ফেকু চাইৱালা নামেৰে চাহ দোকানেৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ । ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰে সাধাৰণ জনতাক লুণ্ঠনৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে (AAP protest against price hike in Nagaon) ।

AAP protest against price hike in Nagaon
চাহ দোকান খুলি আপৰ অভিনৱ প্ৰতিবাদ
author img

By

Published : Mar 4, 2023, 9:10 PM IST

চাহ দোকান খুলি আপৰ অভিনৱ প্ৰতিবাদ

নগাঁও, 4 মাৰ্চ : এক অভিনৱ প্ৰতিবাদ । ৰাজপথৰ কাষতে চাহ দোকান খুলি এইবাৰ এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে (AAP protest in Nagaon) । মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমী পাৰ্টীয়ে শনিবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ নগাঁও কলেজ পইণ্টত চাহৰ দোকান খুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (AAP protest against price hike in Nagaon) ৷

ৰাজপথৰ কাষত ফেকু চাহ, অমৃত চাহ, মামা চাহ, ইৰাণী চাহ আৰু বাবা চাহৰ চাহৰ দোকান খুলি চাহ বেচিলে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ নেতা কৰ্মীয়ে । চাহ দোকানীৰ ৰূপত পূৰ্বে ব্যতিক্ৰমী প্ৰতিবাদেৰে চর্চা লাভ কৰা আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰা ।

চাহ দোকান খুলি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও সৰৱ হৈ পৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদকাৰীসকল । বিশেষকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰে (Domestic LPG price hike) সাধাৰণ জনতাক চৰকাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিয়ে ।

লগতে পঢ়ক : Sexual harassment case: কিশোৰীক নিচাজাতীয় দ্ৰব্য খোৱাই যৌন নিৰ্যাতনৰ অভিযোগ আত্মীয়ৰ বিৰুদ্ধে

কেন্দ্ৰীয় চৰকাৰে প্ৰথমে উজ্জলা আঁচনিৰ জৰিয়তে গেছ চিলিণ্ডাৰ প্ৰদান কৰিছিল ৷ কিন্তু এতিয়া চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰে জনতাক হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই । কেন্দ্ৰীয় চৰকাৰখনে কেৱল পুঁজিপতি গোষ্ঠীক সহায় কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৰ নগাঁও জিলা সমিতিয়ে ।

ইপিনে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফেকু চাইৱালা আখ্যা দি ফেকু চাহৰ দোকান খুলি আপে সাব্যস্ত কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত আম আদমী পাৰ্টীৰ নগাঁও জিলা সমিতিৰ কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক : Migrated Birds at Bedeti: পক্ষীকুলৰ সমন্বয়স্থলী বেদেতী পথাৰ সংৰক্ষণৰ দাবী গৱেষক ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.